'কেব'ৰ বিৰুদ্ধে 'আছু'ৰ নেতৃত্বত শিৱসাগৰবাসীৰ তীব্র প্ৰতিবাদ:উলিয়ালে জোঁৰ সমদল

Pic

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰৰ ৰাজপথত 'কেব'ৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে। শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিক,ব্যৱসায়ী সন্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, মহিলা মঞ্চ, বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ নাগৰিকেও এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।প্ৰতিবাদকৰীসকলে সদৌ শিৱসাগৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা শিৱসাগৰ চহৰৰ মাজেদি এটা প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰি মুক্তিনাথ চাৰিআলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

Pic

'আছু' নেতা দীপাংকৰ শইকীয়াই আঁত ধৰা উক্ত প্ৰতিবাদী সভাত শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিক সোণাৰাম বৰুৱা, অনিল দত্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ইনামূল হাজৰিকা, ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা দিব্যজ্যোতি দত্তৰ লগতে বহু ব্যক্তিয়ে কেব বিৰোধী মন্তব্য আগবঢ়ায়। শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাই কয়-'কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমত কেব জাপি দি অসমীয়া ভাষা- সংস্কৃতি বিপদত পেলাবলৈ আগবাঢ়িছে। সেইবাবে,কেবৰ বিৰুদ্ধে সকলো জাতি- জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে ওলাই আহিব লাগে।' ভাষা থাকিলেহে অসমীয়া জাতি থাকিব বুলি তেওঁ মন্তব্য কৰে।ইফালে,আছুৰ নেতৃত্ব একালৰ সতীৰ্থৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰৰ ৰাজপথত।জাতি আজি ৰাজপথতসৰ্বা তোমাৰ লাজ নাই, জাতি আজি সংকটত তপন তুমি মাত দিয়া, জাতি আজি উচন হ'ল বাংলাদেশী আপোন হ'ল,কেব আমি নামানো, বিজেপি গ' বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগানৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।

Pic

আনহাতে,জাতিৰ এই সংকটকালত শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিল বিশেষভাৱে সক্ষম শিল্পী হেম শইকীয়া। প্ৰতিবাদী মিছিলত সুধাকন্ঠৰ গীত গাই তেওঁ প্ৰতিবাদী জনতাক উৎসাহিত কৰে ।

Your Comments