পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ 'কেব'ৰ বিৰুদ্ধে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবিত আজি কামৰূপ(গ্ৰাম্য)জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে৷অঞ্চলটোৰ শিক্ষানুস্থান সমূহৰ কেইবা শতাধিক ছাত্ৰছাত্ৰীৰ অংশগ্ৰহণত অনুষ্ঠিত বিক্ষোভ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পশ্চিম বড়িগোগ শাখা সাহিত্য সভাৰ সভাপতি ৰামদত্ত লহকৰে কয় যে বৰ্তমান অসমত ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে৷কেবৰ জৰিয়তে জাতিটোক সংকতত পেলোৱাৰ ষড়যন্ত্ৰত নামিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে৷তাক আমি প্ৰতিহত কৰিবই লাগিব৷বিক্ষোভত শাখা সাহিত্য সভাৰ সম্পাদক হৰমোহন কলিতা,উপদেষ্টা অৱনীকান্ত লহকৰ,আজীৱন সদস্য প্ৰবীন কলিতা,প্ৰাক্তন ছাত্ৰনেতা নৰেন শৰ্মা,ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভৱজ্যোতি ডেকা আদিয়ে ভাষনত আবেগিক ভাবে কয় যে কেব জাতি ধ্বংসী ইয়াক কোনো কাৰনতে বলবত হবলৈ দিয়া নহব৷পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিজিত কলিতা,সম্পাদক পাৰ্থপ্ৰতিম শইকীয়াই নেতৃত্বত অনুস্থিত হোৱা বিক্ষোভত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক কমল কলিতা,কাৰ্য্যনিৰ্বাহ সদস্য কৃষ্ণ কলিতা আৰু পশ্চিম বড়িগোগৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে অংশলৈ কাৰ্য্যসূচী সাফল্য মণ্ডিত কৰি তোলে৷

Your Comments