প্ৰাক্তন ছাত্ৰ নেতা ভৱেশ বৰাৰ মৃত্যুত খাতিকুছিত শোকৰ ছাঁ      

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খাতিকুছি গাঁও নিৱাসী,পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি,তথা ক্ষুদ্ৰ ব‍্যৱসায়ী ভৱেশ বৰা (৪২)ৰ শুকুৰবাৰে পুৱা নিজ বাসগৃহত আকস্মিকভাৱে মৃত্যু হয়। জানিব পৰামতে বৰা কিছুদিনৰ পৰা হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল যদিও  শুকুৰবাৰে ৰপুৱা নিজ গৃহত মৃত্যু হয়। উল্লখ‍্য যে  বৰাই মৃত্যুৰ আগলৈ অঞ্চলটোৰ বিভিন্ন -অনুষ্ঠান,প্ৰতিষ্ঠান আদিৰ সৈতে জড়িত আছিল।  ছাত্ৰ অৱস্থাত বৰাই ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈ পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হিচাপে আছিল কাৰ্য্যনিৰ্বাহ কৰি সংগঠনতো শক্তিশালী কৰা বিশেষ ভূমিকা পালন কৰিছিল। ইয়াৰ পিছত বৰাই সাংসাৰিক জীৱন যাপন কৰে। আৰু সাপ্তাহিক বজাৰসমুহত কাপোৰৰ ক্ষুদ্র ব‍্যৱসায়ীৰে পৰিয়ালক পোহপাল দি আহিছিল। ইয়াৰ মাজতে বৰাই খাতিকুছি মজলীয়া বিদ্যালয়ৰ মৃত্যুৰ আগমুহুৰ্তলৈ পৰিচালনা সমিতিৰ সভাপতি  আৰু লগতে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ  আছিল।তেওঁৰ মৃত্যুত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সম্পাদক অক্ষয় ডেকা, উপ সভাপতি উৎপল কলিতা, শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদ,প্ৰাক্তন ছাত্ৰ নেতা গীৰেন্দ্ৰ ডেকা,উন্নতি সভাৰ সভাপতি লতিফুদ্দিন আহমেদ,পশ্চিম বনভাগ  আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত শৰ্মা আৰু হোমেন ৰবি দাস,  খাতিকুচি অগপ সমিতি , খাতিকুছি মজলীয়া বিদ্যালয়, খাতিকুচি বজাৰ উন্নয়ন সমিতি বিষয়ববীয়া আদিয়ে তেওঁৰ গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত বৰাই পত্নীসহ, দুইগৰাকী জীয়ৰী,এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।

Your Comments