নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 'কেব'ৰ বিৰুদ্ধে অৱস্থান বিক্ষোভ

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱা:

নামৰূপত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৬ ডিচেম্বৰত নামৰূপ সোণাৰি তিনিআলিত 'অৱস্থান বিক্ষোভ' কাৰ্যসূচী ৰূপায়ণ  কৰে।নামৰূপ শাখা সাহিত্য সভাৰ সভাপতি মণিকান্ত চেতিয়াই এগছি বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অৱনী গগৈ, মুখ্য সাংগঠনিক সম্পাদক মানসজ্যোতি চাংমাই, নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কল্পজিৎ গগৈ, সাধাৰণ সম্পাদক অসীম ফুকনেকে ধৰি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বহুতো বিষয়া উপস্থিত থাকে।লগতে,নামৰূপৰ  বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি স্থানীয় ৰাইজ আৰু ছহিদ পৰিয়ালৰ লোক উপস্থিত থাকে।নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে বিভিন্ন শ্লোগান দি বিজেপি চৰকাৰৰ কাম নাই, বিজেপি লেই লেই চেই চেই, কেব কেতিয়াও মানি লোৱা নহব বুলি কৈ আকাশ বতাহ কঁপাই তোলে।

Your Comments