বঙাইগাঁৱৰ প্ৰতিবেদক:
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শুকুৰবাৰে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় ছহিদ ভৱনৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আছু কৰ্মীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হুচিয়াৰ ,কেব বাতিল কৰক , কেব মানি নলওঁ, অসম চৰকাৰ হুচিয়াৰ ,জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আছুৰ দাবী নাৰ্য দাবী, বিজেপি গ' বেক, হিন্দু বাংলাদেশীৰ দালালি বিজেপি চৰকাৰ হুচিয়াৰ, হিন্দু বাংলাদেশীৰ বহতীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মিছলীয়া, নৰেন্দ্ৰ মোদী নিলাজ, সৰ্বানন্দ সোনোৱাল মিছলীয়া আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বঙাইগাঁও জিলা আছুৰ সভাপতি বিনোদ নাথে সংবাদ মাধ্যমৰ আগত কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এই কেব বিৰোধী কাৰ্যসূচী অতি ভয়ংকৰভাৱে আগবঢ়াই লৈ যোৱা হ'ব ৷ কাৰণ কোনোবা দালালে আমাৰ ওপৰত এখন আইন জাপি দিব আৰু আমি ইয়াক মানি চলিম, সেইটো কেতিয়াও হ'ব নোৱাৰে ৷ আমি কেব নামানো নামানো নামানো ৷ এয়া সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা ৷ আনহাতে যদি বলপূৰ্বকভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আমাৰ ওপৰত এই বিধেয়ক জাপি দিব বিচাৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়ংকৰ পৰিস্থিতি হ'ব, ঊনাশী চন ঘূৰি আহিব ৷ যদিহে ঊনাশী চনৰ পৰিস্থিতি ঘূৰি আহে তেতিয়াহ'লে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দায়ী হ'ব ৷ বঙাইগাঁৱতো কেব বিৰোধী কাৰ্যসূচী আগবঢ়াই লৈ যাম আৰু যিদিনালৈকে কেব বাতিল নহয় সেইদিনালৈকে এই কাৰ্যসূচী চলাই যাম ৷ আছুৰ জিলা সভাপতিগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰত্যাহ্বান জনাই কয় যে যদি তেওঁৰ দেহত অসমীয়াৰ তেজ আছে তথা সৎ সাহক আছে তেতিয়াহ'লে কেবৰ কিমান গ্ৰহণযোগ্যতা আছে আৰু নাই সেই সন্দৰ্ভত ছাত্ৰ সমাজৰ সৈতে বহক ৷ ইপিনে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়ে কয় যে আমাৰ এটাই কথা ,আমি কেব নামানো নামানো নামোনো ৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে আৰু এইক্ষেত্ৰত আছুৱে কোনো আপোচ নকৰে ৷ বিজেপি চৰকাৰে যিমানে বল প্ৰয়োগ কৰি এই বিধেয়ক জাপি দিব নিবিচাৰক কিয় আছুই কেতিয়াও ইয়াক মানি নলওঁ আৰু অসমৰ ৰাইজে মানি নলয় ৷ সেয়ে আমি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে বিজেপি চৰকাৰক সঁকিয়াই দিছো, যদিহে এই বিধেয়কখন আমাৰ ওপৰত জাপি দিব বিচাৰে তেতিয়াহ'লে অনাগত দিনত পুনৰ অসম আন্দোলনৰ সূচনা হ'ব পাৰে ৷ বিক্ষোভ কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা, কাৰ্যনিৰ্বাহক সদস্য পুলেন ৰাজবংশী, বঙাইগাঁও আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক জগদীশ ৰায় আদি উপস্থিত থাকে ৷
- Log in to post comments
- 12 views