নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী সদৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰৰ সমীপত শুকুৰবাৰে এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য অনুসৰি বৰমাৰ ফালৰ পৰা অহা এখন দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী। ইয়াৰ উপৰি দুজন পথচাৰীকো মহতিয়াই নিলে ডাম্পাৰখনে। পিছত ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোত অতি সংকটজনক অৱস্থাত দুই পথচাৰীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালকে পলায়ন কৰা ডাম্পাৰখন ঘগ্ৰাপাৰত জব্দ কৰে আৰক্ষীয়ে। এই দুৰ্ঘটনাৰ পিছতে ক্ষুদ্ধ ৰাইজে অৱৰোধ কৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ। প্ৰায় এক ঘন্টা সময় ধৰি যান বাহন আবদ্ধ হৈ পৰাত নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত, নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া আৰু নলবাৰীৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷
- Log in to post comments
- 11 views