সোণাৰিত মাইক্ৰ'ফাইনেন্স আৰু কেবৰ বিৰুদ্ধে প্ৰতিবাদী সমদল

সোণাৰিৰ পৰা ঘন বৰা:

দেশৰ মুক্ত অৰ্থনীতিৰ সুযোগ লৈ ৰাজ্যখনৰ চহৰে-নগৰে, গাঁৱে-ভূঁঞে কাঠফুলাৰ দৰে গঢ়ি উঠা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানসমূহৰ যোগেদি একাংশ লোক উপকৃত হোৱাৰ বিপৰীতে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ৮০ শতাংশৰো অধিক লোক এনে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ বৰ্তমান সৰ্বস্বান্ত হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত হৈ পৰিছে । যাৰ ফলত বহু অসামাজিক কাৰ্যকলাপৰ লগতে বহুলোকৰ মাটি-ভেটিও উছন হোৱাৰ নিতৌ ঘটনা ঘটি অহাৰ সময়তে আজি গণতান্ত্ৰিক সংগ্ৰামী মহিলা সমিতি,কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি সৰৱ হৈ পৰে। সংগঠনকেইটাই আজি স্থানীয় ৰাইজৰ সহযোগিতাত  সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি মাইক্ৰ'ফাইনেন্স কোম্পানীসমূহৰ বিৰুদ্ধে  ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰে।প্রায় এক হাজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে।পাছত সংগঠন কেইটাৰ ফালৰ পৰা এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰীলৈ উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ যোগেদি এক স্মাৰকপত্ৰ যুটীয়া ভাবে প্ৰেৰণ কৰি সমগ্ৰ বিষয়টোত হস্তক্ষেপৰ দাবী জনায়  । আনহাতে স্মাৰক পত্ৰখনত উল্লেখ কৰে যে বেচৰকাৰী মাইক্ৰ'ফাইনেন্সসমূহৰ গ্ৰামাঞ্চলত মহিলাসকলক অতি সামান্য নথি-পত্ৰৰ ভিত্তিতে যি ঋণ প্ৰদান কৰি আহিছে । ইয়াৰ লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিদেৰ্শনা অনুসৰি ইয়াৰ সুদৰ হাৰ যথেষ্ট পৰিমাণ বেছি বুলি তথ্য সহকাৰে দাঙি ধৰে । বহু এনেধৰণৰ বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে ৰিজাৰ্ভ বেংকৰ কোনো নীতি-নিৰ্দেশনা নামানি নিজৰ খেয়াল-খুচি মতে সুদৰ হাৰ বৃদ্ধি কৰাৰ ফলত গ্ৰামাঞ্চলৰ মহিলাসকলে নিদিষ্ট সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰি বিভিন্ন অসামাজিক কাৰ্যতো লিপ্ত হবলগীয়া হোৱা ঘটনা প্ৰতিদিনেই ঘটি অহা বুলিও উল্লেখ কৰে । তদুপৰি বহু পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱাৰি নিজৰ মাটি-ভেঁটিও বিক্ৰী কৰিব লগা হোৱাৰ ঘটনা সংঘটিত হৈছে । উল্লেখ্য যে, সমগ্ৰ চৰাইদেউ জিলাখনত বন্ধন, এক্সিচ, অন্নপূৰ্ণা, চেটিং, নিধি, আৰোহন, আৰ জি ভি এন, চমৎকাৰ, এল এন টিকে ধৰি বহুকেইটা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানে মহিলাসকলৰ মাজত ঋণ প্ৰদান কৰি অহাৰ সমান্তৰালকৈ ঋণ পৰিশোধৰ বেলিকা কাবুলীয়ালাৰ ষ্টাইলত অধিক সুদৰ হাৰত ধন আদায় লৈ আহিছে । তদুপৰি নিদিষ্ট সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা মহিলাগৰাকীৰ ঘৰৰ পৰা বিভিন্ন সা-সামগ্ৰীৰ লগতে পোহনীয়া জীৱ-জন্তুও হস্তগত কৰি অহা ঘটনা সংঘটিত হৈছে । এইক্ষেত্ৰত অতি শীঘ্ৰে এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গণতান্ত্ৰিক সংগ্ৰামী মহিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতিয়ে দাবী জনাইছে । অন্যথা সংগঠনত্ৰয়ে একগোট হৈ  নিজাববীয়াকৈ যিকোনো গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে ।ইয়াৰ পূর্বে প্ৰতিবাদী সমদলটিয়ে সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত একত্ৰিত হৈ কেবৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি জাতিদ্ৰোহী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।

Your Comments