গোলাঘাটৰ প্ৰতিবেদক:
গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰসমাজে তেজেৰে লিখিলে 'কেব আমি নামানো'। 'কেব'ৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰি শুকুৰবাৰে গোলাঘাটৰ ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ছাত্ৰসমাজে অৰ্ধ উলংগ হৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰণহুংকাৰ দিয়ে। 'জয় আই অসম' ধ্বনিৰ মাজেৰে 'আহ ঐ আহ,ওলাই আহ' আদি শ্ল'গানেৰে ছাত্ৰসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
'কেব' গৃহীত হ'লে ৰাজ্যত যে ব্যাপক আন্দোলনমুখৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব,সেইকথা প্ৰতিবাদৰ ভাষাৰে স্পষ্ট কৰিলে ছাত্ৰ সমাজে।
- Log in to post comments
- 10 views