ৰাজীৱ পাতিৰ,মাজুলী:
জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তপ্ত হৈ থকাৰ সময়তে ঐতিহাসিক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে। প্ৰায় ছয়/সাত জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে যোৱা আঢ়ৈ সপ্তাহ ধৰি বিভিন্ন ম'বাইল নম্বৰ ক্ৰমে ৭৭১৯৩১১৪২৩, ৮৫১৪৮৯২৪১৮,৮৬০৯২৭৭৫০৮,৭৬৯৯৫৫৭১১৯ আদি বিভিন্ন অচিনাকি ম'বাইল নম্বৰৰ পৰা প্ৰথমে অসমীয়াত পৰৱৰ্তীসময়ত হিন্দী ভাষাৰে ধন দাবী কৰি আহিছে। এই ধন আদায় নিদিলে সত্ৰাধিকাৰগৰাকীক হত্যা কৰাৰ ভাবুকি দিয়াৰ কথা আজি সংবাদ মাধ্যমক জানিবলৈ দিছে সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীয়ে । এই ধন দাবী কৰাৰ সমান্তৰালভাৱে অসমীয়া জাতি কেৱল মুখৰ কথাৰ পাকৈত বুলি উক্ত দুষ্ট চক্ৰটোৱে তুচ্ছ-তাচ্চিল্য কৰা বুলিও প্ৰকাশ কৰে সত্ৰাধিকাৰগৰাকীয়ে।এই হত্যাৰ ভাবুকি পোৱাৰ পিছত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে সত্ৰাধিকাৰগৰাকীয়ে।ঘটনা সন্দৰ্ভত সত্ৰাধিকাৰগৰাকীয়ে ইতিমধ্যে মাজুলী জিলা আৰক্ষীক অৱগত কৰি দুৰ্বৃত্তসকলক কৰায়ত্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।ইয়াৰ ব্যতিৰেকে অসমৰ অন্যান্য সত্ৰাধিকাৰলৈ এই ভাবুকি আহিব পাৰে বুলি শংকা ব্যক্ত কৰি সত্ৰসমূহত নিৰাপত্তা প্ৰদান কৰাৰ বাবে ৰাজ্যৰ গৃহ বিভাগক আহ্বান জনাইছে।ইতিমধ্যে,মাজুলী জিলা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সত্ৰাধিকাৰৰ দৰে আধাত্মিক মুৰব্বীক কৰা ধন দাবীৰ ঘটনাই সমগ্ৰ মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 11 views