জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ পাঁচটা চৰ-চাপৰিত বসতি কৰা সন্দেহজনক লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা উচ্ছেদ অভিযান চলাই শোণিতপুৰ জিলা প্ৰশাসনে ৷ অঞ্চলটোৰ গটাইমাৰি, চকীঘাট, দিঘলী চাপৰি, লালেটাপু, ননকে গটাইমাৰিত অভিযান চলায় মুঠ ৪২৬ টা সন্দেহজনক পৰিয়ালক উচ্ছেদ চলাই ৷ ১৫ খন জেচিবিসহ বিশাল আৰক্ষী আৰু চিআৰপিএফৰ বাহিনী লগত লৈ পুৱাৰে পৰা জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলায় ৷ এই উচ্ছেদ অভিযানৰ নেতৃত্ব দিয়ে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিং আৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধিক্ষক ৰাকেশ ৰোছনে ৷ উল্লেখ্য যে চতিয়া সমষ্টিৰ অন্তৰ্গত উক্ত চৰ-চাপৰিসমূহতএকাংশ সন্দেহজনক লোকে শ শ বিঘা চৰকাৰী মাটি বেদখল কৰি থকাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত কৰি অহাৰ গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছিল আৰু এই অভিযোগৰ ভিত্তিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সন্দেহযুক্ত নাগৰিকসকলক চিনাক্ত কৰি উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৷
- Log in to post comments
- 14 views