'কেব'ক লৈ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো প্ৰতিবাদ অব্যাহত আছে। বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ সমাজো এই প্ৰতিবাদত চামিল হৈছে। আজি নগাঁও চহৰৰ ঐতিয্যপূৰ্ণ উচ্চ শিক্ষাৰ অনুষ্ঠান নগাঁও মহাবিদ্যালয়ৰ দেৱালত একাংশ ছাত্ৰ- ছাত্ৰীয়ে ওলমালে কেব বিৰোধী পোষ্টাৰ। বৃহস্পতিবাৰে পুৱাই মহাবিদ্যালয়ৰ সন্মুখৰ গেট আদিত দেখা গ'ল কেব বিৰোধী পোষ্টাৰ। ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁও চহৰতে ব্যাপক চৰ্চা চলিছে। আমি কেব নামানো, অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব। ছাত্ৰ সমাজ জাগিছে, ছাত্ৰ সমাজ জিন্দাবাদ, বিজেপি গ' বেক, আৰ এছ এছ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল নিপাত যাওঁক, জাতিদ্ৰোহী অতুল বৰা, কেশৱ মহন্ত হুচিয়াৰ, কেবৰ বিৰুদ্ধে ৰাইজ ওলাই আহক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ভৰা প'ষ্টাৰ আৰি থোৱা দেখা যায়। এই প'ষ্টাৰসমূহক লৈ নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন মহলত সৰব চৰ্চা চলিছে। অবশ্যে পিছত আৰক্ষীয়ে প'ষ্টাৰসমূহ আতৰাই নিয়া দেখা যায়। ইপিনে,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে কেবৰ বিৰুদ্ধে বৃহস্পতিবাৰে সন্ধিয়া নগাঁও চহৰত জোঁৰ সমদল উলিয়াই। পৰিষদৰ জিলা সভাপতি দ্বীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতি বণিয়াৰ নেতৃত্বত শতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে নগাঁও চহৰত জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেব আমি নামানো, বে জে পি চৰকাৰ হুচিয়াৰ, মেৰুদণ্ডহীন আঞ্চলিকতাবাদী নেতা অতুল বৰা, কেশৱ মহন্ত, ফণীভূষন চৌধুৰী হুচিয়াৰ। কেৱৰ বিৰুদ্ধে ৰাইজ ৰাজপথলৈ ওলাই আহক, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। সংবাদ মাধ্যমৰ আগত পৰিষদৰ জিলা সভাপতি দ্বীপমণি বৰা আৰু সাধাৰণ সম্পাদক প্ৰাগজ্যোতি বনিয়াই কয় - কেবে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব। সেয়ে কেব কোনো কাৰণতে আমি মানি নলওঁ। প্ৰয়োজনত কেৱৰ বিৰুদ্ধে শেষ বিন্দু তেজ থকা লৈকে আমি যুজঁ দি যাম। পৰিষদে কেবৰ বিৰুদ্ধে ৰাইজক মাৰ বান্ধি থিয় হ'বলৈ পৰিষদে আহ্বান জনায়। আনহাতে,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে কেবৰ বিৰুদ্ধে সৰৱ হৈ পৰে। পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি ভবেন বৰা আৰু সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ দাসে কয় - কেবে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। সেয়ে আমি কোনো কাৰনতে কেব মানি নলওঁ। পৰিষদৰ কেইবাটাও আঞ্চলিক পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আনহাতে, অসম জন মৰ্চায়ো কেবক বিৰোধিতা কৰে।দলটোৰ সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে কয়,'কেবে হিন্দু-মুছলমানৰ মাজত বিভাজন আনিব।'
- Log in to post comments
- 14 views