গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাই এক নিৰ্দেশ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ন' পাৰ্কিং জোন ঘোষণা কৰে । বোকাখাতৰ বৰজুৰিৰ পৰা বাগৰীলৈকে এই ন' পাৰ্কিং জন ঘোষণা ৷ উক্ত পথচোৱাত ট্ৰাক,টেংকাৰ,টেইলাৰৰ পাৰ্কিং নিষিদ্ধ ঘোষণা কৰে জিলা উপায়ুক্তই । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ,-জন্ত,পশু-পক্ষীৰ নিৰাপত্তাৰ লগতে সঘনাই ৰখাই থোৱা গাড়ীত খুন্দিয়াই বহু লোক অকালতে মৃত্যুৰ মুখত পৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰে গোলাঘাট জিলা প্ৰশাসনে ৷ গোলাঘাট জিলাৰ উপায়ুক্ত ধীৰেন হাজৰিকাই এক নিৰ্দেশ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গাড়ী ৰখোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে।পথৰ কাষত লাইন হোটেল, তেল ডিপো আদিত ট্ৰাক,টেংকাৰ,ট্ৰেইলাৰ আদি গাড়ীসমূহ ৰখাই থব নোৱাৰিব বুলিও নিৰ্দেশ জাৰি কৰিছে।তেওঁ লগতে লাইন হোটেলসমূহৰ লেতেৰা পানী ,আৱৰ্জনা আদিৰ ক্ষেত্ৰতো চোকা নজৰ দিব বুলি জনাই।যিহেতু এনে আৱৰ্জনাই জীৱ-জন্তক অপকাৰ কৰাৰ লগতে বিদেশী পৰ্যটকসকলৰ বাবেও ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰে।হোটেল বা যিকোনো ৰেষ্টুৰেণ্টক স্বচ্ছতা।দিশত গুৰুত্ব প্ৰদান কৰিবলৈ উপায়ুক্ত ইআহবান জনায়।
- Log in to post comments
- 10 views