মৰিগাওঁ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিশ্ব ভূমি দিৱস উদযাপন

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

সৰ্বসাধাৰণৰ মাজত কৃষি ভূমি উৰ্বৰতা ৰক্ষা আৰু কৃষি ভূমিৰ প্ৰতি স্বাস্থ্য সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ২০১৪ চনৰ পৰা উদযাপন কৰি অহা বিশ্ব ভূমি স্বাস্থ্য দিৱসটি বৃহস্পতিবাৰে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মৰিগাঁও নগৰৰ পবিতৰা হাটত উদযাপন কৰা হয়। মৰিগাওঁ জিলা উপায়ুক্ত ঋতুৰাজ বৰাই বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰা সভাখনত উপায়ুক্ত গৰাকীয়ে বিশ্ব ভূমি দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি কয় দেশৰ অৰ্থনীতিত কৃষকৰ অৱদান অতুলনীয়। কৃষকক এৰি এখন সমাজ গঠন কৰাটো কেতিয়াও সম্ভৱ নহয়। এই ক্ষেত্ৰত কৃষক সকলক অধিক গুৰুত্ব প্ৰদান কৰি আমি ২০২১-২২ চনৰ ভিতৰত জিলাখনৰ সকলো শ্ৰেণী কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। ইতিমধ্যে কিছু পৰিমাণে সফলতা লাভ কৰা বুলি উল্লেখ কৰি উপায়ুক্ত গৰাকীয়ে কয় আমাৰ জিলাখনৰ সকলো বিভাগকে এটা ছাতিৰ তলত ৰাখিবলৈ চেষ্টা কৰা হৈছে। ঐক্যবদ্ধতাৰে সফলতা আনে বুলি উল্লেখ কৰি তেঁও কয় বিভাগ সমূহত আঁচনি ৰূপায়ন কৰোতে একক প্ৰচেষ্টাৰ সলনি একে সম্পৰ্ক থকা বিভাগ সমূহৰ লগত পৰ্যালোচনা মাধ্যমে আঁচনি ৰূপায়ণ কৰিলে আঁচনিখন সফল হোৱাটো সহজ হৈ পৰে আৰু সেয়ে জিলাখনৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত ঐক্যবদ্ধতাৰে বিভাগ সমূহক কাম কৰি যাবলৈ আহ্বান জনাই। মাটি বিজ্ঞানী মাজিকুল হুছেইনে আঁত ধৰা দিৱসটোত কৃষি প্ৰযুক্তি ব্যৱহাৰিক গৱেষণা কেন্দ্রৰ ৬ নং মণ্ডৰ সঞ্চালক ড০ এ কে ট্ৰিপাথি,মৰিগাওঁ জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,মৰিগাওঁ কৃষি বিভাগৰ জ্যেষ্ঠ কৃষি বিষয়া বিপুল আহমেদ,মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰৰ্বী বিষয়া ড০ ৰিজুস্মিতা শৰ্মা ডেকা,আঁচনি সহায়ক সুভাষ কলিতাই মাটিৰ গুণাগুণ, কৃষি ভূমিত কৃষকে লবলগীয়া স্বাস্থ্য যত্ন আৰু কৃষি ভূমিত কিদৰে উৰ্বৰতা ৰক্ষা কৰিব পাৰি তাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়োৱা সভাখনতে জিলাখনৰ ৩৬৫ জন কৃষকক ভূমি স্বাস্থ্য প্ৰমান পত্ৰ বিতৰণ কৰা হয়। সভাত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমণি নাথ,জ্যেষ্ঠ সাংবাদিক ৰিতুমনি মহন্ত,সাংবাদিক মানস নাথ,অভিজিৎ দাস , কৃষি বিজ্ঞান কেন্দ্ৰৰ শপ্তাদবিপা ভট্টাচাৰ্যী,পৰাগমণি ডেকা,মনমন বসুমতাৰী,জীয়াউল হক আদি কৰি বিষয়া কৰ্মচাৰী সকলৰ লগতে কৃষকসকলে অংশগ্ৰহণ কৰে।

Your Comments