বঙাইগাঁৱৰ প্ৰতিবেদক:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বুধবাৰে বঙাইগাঁৱতো বিধেয়কখন বাতিলৰ দাবীত শিক্ষানুষ্ঠান এৰি ৰাজ পথলৈ ওলাই আহিল বঙাইগাঁৱৰ ছাত্ৰ সমাজ ৷ উলিয়ালে প্ৰতিবাদী সমদল ৷ প্ৰেৰণ কৰিলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ ৷ লগতে হুংকাৰ দিলে কোনোপধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব বুলি ৷ উল্লেখ্য যে ৰাজ্যখনৰ দল- সংগঠনৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি বিজেপি চৰকাৰে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰিবলৈ ওলোৱাত এতিয়া ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ অব্যাহত আছে ৷ এনে অৱস্থাত বঙাইগাঁৱৰ ছাত্ৰ সমাজেও হাত সাৱটি বহি নাথাকি ৰাজ পথলৈ ওলাই আহি বিধেয়কখন বাতিলৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়, বীৰঝৰা কন্যা মহাবিদ্যালয়, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শংকৰ- মাধৱ একাডেমী, অভয়াপুৰী মহাবিদ্যালয়, বইটামাৰীৰ ইন্দিৰা গান্ধী মহাবিদ্যালয় আৰু চলন্তাপাৰাৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীসকলৰ লগতে বঙাইগাঁও জিলা শিল্পী সমাজৰ একাংশ বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচী হিচাপে বঙাইগাঁও ছাত্ৰ সমাজৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায় ৷ এই প্ৰতিবাদী সমদলত অংশ গ্ৰহণ কৰা জিলাখনৰ শিক্ষানুষ্ঠানকেইখনৰ ছাত্ৰ - ছাত্ৰীসকলে হাতে হাতে বেনাৰ আৰু বিভিন্ন প্লেকাৰ্ড লৈ জাতি ধ্বংসী কেব বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ৰাজ্য চৰকাৰ হুচিয়াৰ, তেজ দিম কেব গৃহীত হ'বলৈ নিদিম, অবৈধ বাংলাদেশী হুচিয়াৰ, কেব মানি নলওঁ,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ছাত্ৰ ঐক্য জিন্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, অসম বিৰোধী হুচিয়াৰ, ইন ক্লাব জিন্দাবাদ, অসম চৰকাৰ লেইলেই ছেইছেই, ছাত্ৰ সমাজ জাগিছে জাগিবই, কেব আমি দলিয়াই দিম, এই জুই জ্বলিছে জ্বলিবই, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব আৰু অস্তিত্ব সুৰক্ষিত হ'ব লাগিবই, কেব সমৰ্থনকাৰী হুচিয়াৰ আদি শ্লোগান দি ৰাজপথ মুখৰিত কৰি চহৰৰ মাজেৰে মায়াপুৰী তিনিআলি হৈ গান্ধী ময়দানৰ সন্মুখেৰে সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয় আৰু তাতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁও ছাত্ৰ সমাজৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰখন কাৰ্যবাহী দণ্ডাধীশ মাচুম ইউছুফ আহমেদে গ্ৰহণ কৰে ৷ স্মাৰক পত্ৰত ছাত্ৰ সমাজে উল্লেখ কৰে যে সাম্প্ৰতিক সময়ত অসমৰ প্ৰতিজন খিলঞ্জীয়া ব্যক্তিয়েই নিজৰ ভাষা,সাহিত্য, সংস্কৃতি তথা অস্তিত্বৰ নিৰাপত্তাহীনতাত ভুগিছে ৷ ইয়াৰ একমাত্ৰ কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৷ অসমত বিদেশী নাগৰিকৰ সমস্যাই বহু পূৰ্বৰে পৰাই গা কৰি আহিছে ৷ বিভিন্ন সময়ত পূৰ্বৰে পৰাই অসমৰ খিলঞ্জীয়া ভূমি পুত্ৰই নিজৰ অস্তিত্বক জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈ আহিছে ৷ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে একালৰ অসমৰ ছাত্ৰ সমাজে তথা অসমৰ খিলঞ্জীয়া ৰাইজে অসম আন্দোলনো কৰিবলগীয়া হৈছিল ৷ কিন্তু আজিলৈকে অবৈধ বাংলাদেশীৰ সমস্যাৰ স্থায়ী সমাধান সম্ভৱ হৈ নুঠিল ৷ আনহাতে অসমত ছাত্ৰ আন্দোলনৰ এক সফল ইতিহাস আছে বুলি উল্লেখ কৰি স্মাৰকপত্ৰখনত ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল হ'বই লাগিব আৰু এয়াই তেওঁলোকৰ মূল দাবী বুলিও উল্লেখ কৰে ৷ লগতে এই বিধেয়কখন বাতিল নোহোৱালৈকে ছাত্ৰ সমাজৰ আন্দোলন অব্যাহত থাকিব আৰু প্ৰয়োজনত শিক্ষানুষ্ঠানৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীও হাতত ল'বলৈ ছাত্ৰ সমাজ বাধ্য হৈ পৰিব বুলি কয় ৷ সেয়ে চকুৰ সন্মুখতেই উদাহৰণ থকা ত্ৰিপুৰা আৰু কাশ্মীৰৰ দৰে পৰিস্থিতি অসমতো হোৱাৰ পূৰ্বে ৰাজ্য চৰকাৰক এই জাতি ধ্বংসী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আৰু বিধেয়কখন বাতিল কৰিবলৈ দাবী জনায় ৷ উল্লেখ্য যে প্ৰতিবাদী সমদল কাৰ্যসূচীৰ পূৰ্বে বৰপাৰা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত প্ৰতিবাদী সভাত বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে নিজৰ বক্তব্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমৰ ৰাইজে প্ৰতিবাদ কৰি থকাৰ পিচতো কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমীয়া জাতিৰ আবেগ- অনুভূতিত কুঠাৰঘাট কৰি বিধেয়কখন বাতিল কৰাৰ সলনি জাপি দিবলৈ ওলোৱা কাৰ্য উদ্বেগজনক আৰু দুৰ্ভাগ্যজনক বুলি আখ্যা দি ইয়াৰ ফলত ছাত্ৰ সমাজো পঢ়া- শুনা বাদ দি ৰাজ পথলৈ ওলাই আহিবলগীয়া হৈছে আৰু এয়া এক চিন্তাৰ বিষয় হৈ পৰিছে বুলি কয় ৷ তাৰোপৰি এই মিছলীয়া বিজেপি দলৰ চৰকাৰখনে বাৰে বাৰে অসমীয়া জাতিৰ ওপৰত বিভিন্ন ধৰণে আক্ৰমণ চলাই আহিছে বুলিও কয় ৷ কাৰণ নৰেন্দ্ৰ মোদীয়ে পূৰ্বতে কৈছিল যে বিজেপি দল শাসনত আহিলেই অসমৰ পৰা বাংলাদেশীক বিতাৰণ কৰা হ'ব ৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ আনহাতে বিজেপি দলৰ সৈতে মিত্ৰতা কৰি মন্ত্ৰীত্ব লাভ কৰা অগপ দলৰ তিনিজন মন্ত্ৰীক সমালোচনা কৰি কয় যে অগপ দলৰ তিনি মন্ত্ৰীৰ বক্তব্য তথা ভাষ্যই আমাক ব্যথিত কৰি তুলিছে ৷ আজি তেওঁলোকে অসমত জাতীয়তাবাদক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈ বিজেপি চৰকাৰৰ সৈতে হাত মিলাই কেবখন বাতিল কৰাৰ সলনি তেওঁলোকে কিছুমান অবাস্তৱ কথা কৈ ৰাইজৰ পৰা ফালৰি কাটি থাকিব বিচাৰিছে ৷ গতিকে বৰ্তমান পৰিস্থিতিত কেবখন বাতিলৰ দাবীত ৰাজ্যখনৰ শিল্পী সমাজকে ধৰি সকলো দল- সংগঠনক একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাই কেবৰ তীব্ৰ বিৰোধিতা কৰে ৷ সেইদৰে অভয়াপুৰী মহাবিদ্যালয়, বীৰঝৰা মহাবিদ্যালয়, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়েও কেবৰ তীব্ৰ বিৰোধিতা কৰি কেবক কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দি বিধেয়কখন বাতিলৰ দাবী জনাই বক্ত ৰাখে ৷ লগতে কেব বাতিল নকৰালৈকে আন্দোলন চলাই যাব বুলিও কয় ৷ ছাত্ৰ সমাজে অগপ দলৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ ভূমিকাকো সমালোচনা কৰে।
- Log in to post comments
- 10 views