শিৱসাগৰৰ ৰাজপথত 'কেব'ৰ বিৰূদ্ধে আছুৰ তীব্ৰ প্ৰতিবাদ

Pic

শিৱসাগৰৰ প্ৰতিবেদক:

কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে 'নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬'ত অনুমোদন জনোৱাৰ লগে লগেই সমগ্ৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰতো নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত 'আছু'ৰ শিৱসাগৰ জিলা সমিতিয়ে বুধবাৰে প্ৰতীকী ফাঁচী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চুক্তি উলংঘা কৰা,অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া সাম্প্ৰদায়িক অসাংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বকভাৱে জাপি দিয়া সিদ্ধান্তৰ বাবে শিৱসাগৰ জিলা আছুৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অগপৰ মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি শিৱসাগৰৰ ৰাজপথত ফাঁচীকাঠত ওলমাই দিয়াৰ লগতে প্ৰতিকৃতি দাহ কৰি বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কেব আমি নামানো, অসম চুক্তিক অশ্ৰদ্ধা কৰা কাৰ্য নচলিব, বিজেপি গ' বেক, জাতি আজি ৰাজপথত, সৰ্বানন্দ সোণোৱালৰ লাজ নাই,অমিত শ্বাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হায় হায়, প্ৰতাৰক অতুল বৰা মুৰ্দাবাদ,এজিপি হুচিয়াৰ আদি শ্লগানেৰে শিৱসাগৰৰ আকাশ বতাহ কঁপাই তোলে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, অসমীয়া মানুহৰ আবেগ অনুভূতিক শ্ৰদ্ধা নকৰি কেন্দ্ৰীয় চৰকাৰে কেবিনেটত কেবক অনুমোদন জনালে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই অসমৰ ৰাইজক লৈ কেবৰ বিৰুদ্ধে প্ৰতিবাদ আৰু আন্দোলন কৰি যাব। কেব আমি নামানো। আনহাতে তেওঁ কয় বৰ্তমানৰ সময়ত সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী বুলি মন্তব্য কৰে।

Your Comments