গোলাঘাটৰ প্ৰতিবেদক:
গোলাঘাটত অসম জাতীয়তাবাদী যুৱ পৰিষদে বৃহস্পতিবাৰে 'কেব'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।গোলাঘাট নগৰত একেলগে ছয়গৰাকী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী অতুল বৰা,মন্ত্ৰী কেশৱ মহন্ত আদিৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে।নৰেন্দ্ৰ মোডী গ' বেক, অমিত শ্বাহ গ' বেক, সৰ্বানন্দ সোণোৱাল গ' বেক,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ পৰিৱেশ।
- Log in to post comments
- 4 views