বৰভাগৰ পৰা সঞ্জয় দাস: অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে পুনৰ ৰাজপথলৈ ওলাই আহিছে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল- সংগঠন।জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাই বুধবাৰে এটা চাইকেল ৰেলীৰ কাৰ্যসূচী ৰূপায়ণ কৰে।খাতিকুছি সাগৰকুছি চ'কৰ পৰা আৰম্ভ কৰা চাইকেল ৰেলীত শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰে।প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।চাইকেল ৰেলীৰ আৰম্ভণিতে সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি উৎপল কলিতাই 'কেব'ক গণতন্ত্ৰবিৰোধী, অসংবিধানিক আৰু খিলঞ্জীয়া বিৰোধী বুলি আখ্যা দিয়ে।উক্ত ৰেলীত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই অংশগ্ৰহণ কৰে।পশ্চিম বনভাগ অঞ্চলৰ বিভিন্ন গাঁৱৰ মাজেৰে প্ৰতিবাদীসকলে ঘূৰি পুনৰ খাটিকুছি সাগৰকুছি চ'কত চাইকেল ৰেলীৰ সামৰণি মাৰে।পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জিত শৰ্মাই কেব বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলি যাব বুলি বক্তব্য আগবঢ়ায়।উল্লেখ্য যে ,এই সময়ছোৱাত সমদলকাৰীসকলে বিজেপি চৰকাৰ হায় হায়,কেব বাতিল কৰক,খিলঞ্জীয়া বিৰোধী ষড়যন্ত্ৰ বন্ধ কৰক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে ।
- Log in to post comments
- 13 views