'কেব'ৰ বিৰোধিতাৰে বৰাজোলত আছুৰ চাইকেল ৰেলী

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

 সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংঠনৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে দুপৰীয়া এটা বৃহৎ চাইকেল সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে। বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আজিজুল ইছলামে আঁ‌ত ধৰা প্ৰতিবাদী চাইকেল সমদল কাৰ্যসূচী মুকলি কৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজুদ্দিন আহমেদে শাসনাধিষ্ঠিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে খিলঞ্জীয়া বিৰোধী অসাংবিধানিক, সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি জাতীয় জীৱনলৈ সংকট কঢ়িয়াই আনিব বিচৰা কাৰ্যক চোকা সমালোচনা কৰে । বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী চাইকেল সমদলটো ৰামপুৰ, আকনা, পানবাৰী, ভিঠামহল, দলবাৰী কণিহা আদি গাৱৰ মাজেৰে আগবাঢ়ি গৈ 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক','কেন্দ্ৰীয় চৰকাৰ হুঁ‌চিয়াৰ', 'সাম্প্ৰদায়িক কেব মানি লোৱা নহ'ব', 'অসম চৰকাৰ হায় হায়'আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে উত্তাল কৰি তোলে । বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জীৱনজ্যোতি ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী চাইকেল সমদলত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, ক্ৰীড়া সম্পাদক কংকণ কলিতা, প্ৰাক্তন ছাত্ৰনেতা বৈকুণ্ঠ বৰ্মন, প্ৰদীপ শালৈ,শতাধিক ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Your Comments