অভয়পুৰ সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ গ্ৰহণ

Pic

সোণাৰিৰ পৰা ঘন বৰা:

চৰাইদেউ জিলাৰ অন্তৰ্গত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে চৰাইদেউ জিলা প্ৰশাসনে বিশেষ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।এই সন্দৰ্ভত মঙলবাৰে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত দীপক কুমাৰ সন্দিকৈৰ অধ্যক্ষতাত চৰাইদেউ আৰক্ষী বিভাগ আৰু চৰাইদেউ বন বিভাগৰ বিষয়াসকলৰ অংশগ্ৰহণত এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয়।উক্ত বৈঠকতে অভয়পুৰ সংৰক্ষিত বনাঞ্চলকে প্ৰমুখ্য কৰি জিলাখনৰ আন আন সংৰক্ষিত বনাঞ্চলসমূহ আৰু ইয়াৰ অন্তৰ্গত বনজ সম্পদসমূহৰ ৰক্ষনাবেক্ষণৰ বাবে জিলা প্ৰশাসনৰ নেতৃত্বত সকলোৱে একত্ৰিত হৈ যৌথভাৱে কৰ্ম-সম্পাদন কৰিবলৈ প্ৰস্তত হয়।বৈঠকৰ আলোচনাত উপায়ুক্ত দীপক কুমাৰ সন্দিকৈয়ে জানিবলৈ দিয়া অনুসৰি জিলাখনৰ অন্তৰ্গত বনাঞ্চলসমূহক ৰক্ষনাবেক্ষণ দিয়াৰ বাবে পূৰ্বতকৈ অধিক সক্ৰিয়ভাৱে সকলো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু চোৰাং চিকাৰীৰ কাৰ্যকলাপ,বন ধংসৰ বেআইনী কাৰ্যকলাপ পূৰামাত্ৰাই ৰোধ কৰা হ'ব।এই উদ্দেশ্যেৰে আগন্তক দিনত প্ৰয়োজন সাপেক্ষে আধুনিক প্ৰযুক্তি আৰু ড্ৰ'ন ব্যৱহাৰ কৰি হ'লেও বনাঞ্চলসমূহত সুক্ষ্ম দৃষ্টি ৰখা হ'ব বুলি তেওঁ মত ব্যক্ত কৰে।সমান্তৰালভাৱে জিলা প্ৰশাসনৰ তৰফৰ পৰা বনাঞ্চলসমূহত অৱস্থিত বিঅ'পিসমূহত যাৱতীয় আৰু পৰ্য্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে। চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলা প্ৰশাসন,আৰক্ষী বিভাগ আৰু বন বিভাগ একত্ৰিত হৈ চোৰাং চিকাৰী আৰু বন ধংসৰ বিৰুদ্ধে পৰিকল্পিত অভিযান চলোৱাৰ পোষকতা কৰে।

Your Comments