শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
বৰাকৰ বাঙালী নেতা প্ৰদীপ দত্তৰয়ে অসমীয়া ভাষা আৰু অসমীয়াৰ বিৰুদ্ধে কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা,অসম। শিৱসাগৰত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কৰি সংগঠনটোৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা আৰু শিৱসাগৰ জিলাৰ সভাপতি চিতু বৰুৱাই প্ৰদীপ দত্তৰয়ৰ লগতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু আৰএছএছকো তীব্ৰ সমালেচনা কৰে। প্ৰদীপ দত্তৰয়ক ৰাজপথত প্ৰহাৰ কৰাৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনাই।অসমীয়া ভাষা আৰু অসমীয়া বিৰোধী মন্তব্য কৰা বৰাকৰ বাঙালী নেতা প্ৰদীপ দত্তৰয়ক উজনি অসমত প্ৰৱেশ বন্ধ কৰিলে বীৰ লাচিত সেনাই। প্ৰদীপ দত্তৰয়ে অসমৰ ৰাজপথত বাঙালী ভাষা ৰক্ষাৰ বাবে ভাষা আন্দোলন কৰাৰ যি ভাবুকি দিছে,তাৰ প্ৰত্যুত্তৰত অসমৰ ৰাজপথত যতেই দেখে তাতেই প্ৰদীপ দত্তৰয়ক উত্তম-মধ্যম সোধাব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাই।মাৰৰ কোবত প্ৰদীপ দত্তৰয়ে অসমীয়া কোনখন মুখে কয়,বাঙালী কোনখন মুখেৰে কয়, তাক পাহৰি যাব বুলি কয় সংগঠনটোৱে। উল্লেখ্য যে বৰাকৰ এইজন বাঙালী নেতাই কিছুদিন পূৰ্বে অসম আন্দোলনৰ ফলত লাভ কৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। হেংদান আছেও, উলিয়ামো আৰু অসমীয়া বিৰোধীক কাটিম বুলিও ভাবুকি দিয়ে বীৰ লাচিত সেনাই। 'কেব' গৃহীত কৰিলে বিজেপি আৰু আৰএছএছৰ লগত প্ৰত্যক্ষ যুদ্ধত অৱৰ্তীণ হ'ব বুলি ঘোষণা কৰে সংগঠনটোৱে। আনহাতে এগৰাকী মন্ত্ৰীয়ে মদাহীৰ দৰে কথা কয় বুলি মন্তব্য দিয়ে বীৰ লাচিত সেনাই। নেতাগৰাকীয়ে নিশা কেবৰ জড়িয়তে বাঙালী আনি অসমীয়াক সুৰক্ষিত কৰিব বুলি কয় আৰু দিনত বাঙালীয়ে অসমীয়া মাৰিব বুলি কয়। মুখ্যমন্ত্ৰী আৰু বহুবল্কী নেতাৰ বাবেই প্ৰদীপ দত্তৰয়ৰ দৰে বঙালে অসমীয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছে বুলি মন্তব্য কৰে।
- Log in to post comments
- 27 views