দেওবাৰৰ পুৱাই গুৱাহাটী ৰে'ল ষ্টেচনত ১০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা হয় এজনক।গুৱাহাটী ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে নামনিমুৱা ১২৪২৩ ৰাজধানী এক্সপ্ৰেছৰ 'কোচ নম্বৰ এ৫' পৰা নিষিদ্ধ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীজনক। গুৱাহাটী ৰে'ল আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম পশ্চিম বংগৰ হাওৰাৰ জিলা ৰাজেন্দ্র ছাহাওৰ পুত্ৰ ৰোহিত কুমাৰ ছাহাও(২৩)। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে গ্ৰেপ্তাৰ হোৱা ব্যক্তিগৰাকীৰ।
- Log in to post comments
- 11 views