গুৱাহাটীত অনুুষ্ঠিত সংবাদমেলত RJD নেতা তেজস্বী যাদৱে ঘোষণা কৰে আগন্তুক বিধানসভা নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ কথা ৷ তেওঁ কয় যে, অসমত বিহাৰ, উত্তৰ প্রদেশৰ হিন্দীভাষী লোক আছে প্রায় ৫%, আনকি চাহ বাগানত কাম কৰা বহু হিন্দীভাষী লোক আছে অসমতে ৷
তেজস্বী যাদৱে কয় যে,বিহাৰত প্রথমবাৰ তেওঁলোকে পৰীক্ষামূলকভাৱে মহাজোঁট গঠন কৰিছিলে, তাত সফল হোৱা পিছত এতিয়া দলৰ সাংগঠনিক দিশ উন্নত কৰিবলৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব ৷
উল্লেখ যোগ্য যে, নিৰ্বাচনৰ বাবে RJD নেতাজন কংগ্রেছ-AIUDFৰ লগত আলোচনাত মিলিত হৈছে ৷ তেওঁ কয় যে, দেশৰ যিমানবোৰ স্বতন্ত্র সংস্থা আছে সেইবোৰ এতিয়া নিৰপেক্ষ নহয়, বৰঞ্চ বিজেপিৰ চেলসমূহৰ মতে কাম কৰে ৷
যাদৱে মন্তব্য কৰে যে, CAAক লৈ অসমে বেছি ভুগিবলগীয়া হৈছে ৷ মূল বিষয়সমূহৰ পৰা এতিয়া সকলো আঁতৰি গৈছে ৷ তেওঁ কয় যে, বিজেপিৰ দিনত দেশৰ বিভাজনৰ কথাহে চলে, উন্নয়নমূলক একো কথাই আলোচনা নহয় ৷
অসমৰ চাহ বাগানৰ বাবে চৰকাৰে কি কৰিছে বুলি প্রশ্ন কৰে যাদৱে ৷ শেহতীয়া বাজেটত একো নাই বুলিও নেতাজনে সমালোচনা কৰে চৰকাৰক ৷ তেওঁলোক বিজেপিৰ বেয়া কামৰ কথা ৰাইজক ক’বলৈ আহিছে বুলি কোৱাৰ লগতে জনাই যে, বিজেপিয়ে বিহাৰত দিয়া প্রতিশ্রুতি এটাও পালন কৰা নাই ৷
তেজস্বী যাদৱে কয় যে, সকলো সমাপ্ত হোৱাৰ পিছত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে অসমত ৷ অসম আৰু বিহাৰৰ মাজত বিভিন্ন সমস্যা বা উপেক্ষাৰ ক্ষেত্রত বিশেষ কোনো পাৰ্থক্য নাই বুলিও মন্তব্য কৰে তেওঁ ৷ বিহাৰ আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা, বান সমস্যা, কাগজ কলৰ পুনৰুজ্জীৱিত আদিও নিৰ্বাচনৰ মূল বিষয় হ’ব লাগে বুলি কয় নেতাজনে ৷
বিজেপিৰ IT চেলে নিৰ্বাচন দিন ঘোষণাৰ সকলো খবৰ আগতেই পায় বুলিও অভিযোগ উত্থাপন কৰে নেতাজনে ৷
- Log in to post comments
- 10 views