গুৱাহাটী প্ৰেছ ক্লাৱত CAA বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল

Dr. Hiren Gohain

২৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছে কা’ বিৰোধী সমন্বয় মঞ্চৰ সংবাদমেল। উক্ত সংবাদমেলখন সম্বোধন কৰে বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইয়ে ।

উল্লেখ যোগ্য যে, উক্ত সংবাদমেল খনৰ প্ৰধান উদ্দেশ্য নাগৰিকত্ব সংশোধনী ৷ ২০২১চনৰ নিৰ্বাচন সমগ্ৰ দেশৰ বাবেই গুৰুত্বপূৰ্ণ। সংবাদ মেলখন সম্বোধন কৰি ড° গোঁহাইয়ে কয় যে, এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে এনআৰচি নসাৎ কৰাৰ বাবে। নতুন এনআৰচিৰ কোনো প্ৰয়োজন নাই বুলিও কয় তেওঁ ৷ গোঁহাইয়ে ২০১৬ চনটো ৰাইজক সতৰ্ক কৰাৰ কথা সোঁৱৰাই দি ৰাইজে নুবুজিলে বুলি মন্তব্য কৰাৰ লগতে আশা প্ৰকাশ কৰে যে,এইবাৰ ৰাইজে বুজিব ৷

Your Comments