'প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৯ দিনত তিনিবাৰকৈ অসম ভ্ৰমণ কৰি নির্বাচনী চমক সৃষ্টি কৰাৰ বাহিৰে অসমৰ মূল সমস্যাৰাজী সমাধানৰ ক্ষেত্রত এটা কথাও উল্লেখ নকৰিলে'- গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ । মঙ্গলবাৰে দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ হৈ মুখপাত্ৰ ৰাছেল হুছেইনে কয় যে, সোমবাৰৰ মোডীৰ অসম ভ্ৰমণ চৰকাৰী সভা আছিল যদিও বিজেপি দলৰ কর্মী সকলে মানুহৰ উপস্থিতি নিশ্চিত কৰিবলৈ আগভাগ লৈছিল।দিনে নিশাই ৪২লাখ কৰ্মকর্তা থকা বুলি কৈ ফুৰা অসমৰ বিজেপিয়ে মোডী সভাত মানুহ গোটাবলৈ গুৱাহাটীত চিটিবাছ খালি কৰি পাঁচশ কিঃমিঃ দূৰৈৰ পৰা মানুহ গোটাব লগা হ'ল ৷ বিজেপিৰ ৫ বছৰীয়া উন্নয়নৰ নগ্ন স্বৰূপ উন্মোচিত হৈছে ।
হুছেইনে লগতে প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণক সমালোচনা কৰি কয়- শ শ বাছৰ লগতে কেইবাখনো ৰেলেৰে মানুহ নিয়া কাৰ্যই বিজেপিৰ প্ৰতি ৰাইজৰ গণভিত্তি প্ৰমাণ পাইছে।
ইফালে ৬নং সমিতিৰ পৰামৰ্শৰ প্ৰতিবেদন দাখিলৰ এটা বছৰ সম্পূৰ্ন হোৱা পাছতো কাৰ্যকৰী নকৰা সন্দৰ্ভত নৱগঠিত আঞ্চলিক দলটোৱে কয়- অসম বাসী ৰাইজক আভুৱা ভাৰিবলৈ আইনী পৰামৰ্শ লোৱা অজুহাত দেখুৱাই ভোটবেংকক সন্তুষ্টি কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইনী জটিলতা থকা বুলি কৈ উচ্চস্তৰীয় কমিটিখনৰ ব্যক্তিক অপমান কৰিছে'।
অসমৰ ৰাইজে আশা কৰি থকা ৬নং দফা কাৰ্যকৰীকৰণ, বিশেষ ৰাজ্য ময্যাদা কৰ্তনৰ প্ৰসংগ, অসম চুক্তি মূল এনআৰচি উন্নীতকৰণৰ ওপৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে কোনো ধৰণৰ মন্তৱ্য নকৰাটোৱে প্ৰমাণ কৰে অসমৰ প্ৰতি তেওঁলোকৰ প্ৰকৃত দায়বদ্ধতা কথা- হুছেইনে লগতে কয়।
উক্ত সংবাদমেলত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিৱস ফুকনো ।
- Log in to post comments
- 24 views