২২ ফেব্ৰুৱাৰী সোমবাৰে পুনৰ অসমত আহি উপস্থিত হ’বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। চিলাপথাৰৰ বিশাল জনসভাত ভাগ ল’বলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী জন। জানিব পৰা অনুসৰি, ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বিজেপিৰ অন্য এখন সভাতো ভাগ ল’ব তেওঁ।
উল্লেখ যোগ্য যে, এইটো বছৰৰ আৰম্ভণিৰ মাত্ৰ দুটা মাহত দুবাৰকৈ অসম ভ্ৰমণত আহিছিল মোডী। ২৩ জানুৱাৰীত শিৱসাগৰত আৰু ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিৰ জনসভাত ভাগ লৈছিল তেওঁ। এতিয়া তৃতীয় বাৰৰ বাবে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰীজন ৷
- Log in to post comments
- 18 views