মুখ্যমন্ত্ৰী সোনোৱালৰ চৰকাৰী বাসভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয় য’ত গ্ৰহণ কৰা হ’ল বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
উক্ত বৈঠকতে বড়োলেণ্ডত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ লগতে বড়োলেণ্ড কল্যাণ বিভাগ নামৰ এটা নতুন বিভাগ সৃষ্টিত অনুমোদন জনায়। তাৰোপৰি বাহাল থাকিব পাৰ্বত্যাঞ্চল উন্নয়ন বিভাগ । এই বৈঠকত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ, সদস্য-সচিব আৰু সদস্যৰ যোগ্যতা সেৱা বিধিৰ নীতিত অনুমোদন জনোৱা হয়। ২০০১ৰ চাকৰিত যোগদান কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫৮০গৰাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত লোৱা হয়।
বৈঠকত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ১৮ মাহ প্ৰদান কৰিবলৈ অসম পৌৰ নিকায়ৰ সংশোধনী- অধ্যাদেশ জাৰিৰ বাবে প্ৰস্তাৱ দিয়া হয়। VGRৰ ডি-ৰিজাৰ্ভেশ্যনৰ ভিত্তিত নগাঁৱৰ হাতীচুঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ ২৩৯ বিঘা ভূমিৰ আৱন্টনত কেবিনেটে অনুমোদন জনোৱাৰ লগতে দীপক সংঘলৈ গুৱাহাটীৰ উলুবাৰী মৌজাত ১ কঠা ভূমিৰ আৱন্টনত অনুমোদন জনোৱা হয় ৷ ৫৭খন বিদ্যালয়ৰ ১০১গৰাকী বৃত্তিমুখী শিক্ষাৰ শিক্ষকলৈ টাইমস্কেল প্ৰদানৰ সেৱা বিধিলৈ অনুমোদন জনোৱা হয় উক্ত বৈঠকত।
উত্তৰ গুৱাহাটী, উজান বজাৰ, ভৰলুমুখ তিনিটা স্থানত গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ৰ সংশোধনী, কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত ৱৰ্ল্ড ৰিনিউৱেল স্পিৰিচুৱেল ট্ৰাষ্টলৈ ১০ বিঘা ভূমিৰ আৱন্টনত অনুমোদন জনায় কেবিনেটে।
আগন্তুক নিৰ্বাচনৰ বাবে তথা নিৰ্বাচনৰ পিছত ব্যৱহাৰৰ বাবে ৮ হাজাৰখন হুইল চেয়াৰ ক্ৰয়, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কৰ্মচাৰীৰ নিয়মীয়াকৰণত নীতিগতভাৱে অনুমোদন জনোৱা হৈছে এই বৈঠক। লগতে কেত বোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰৰ অধিক সময় ঠিকাভিত্তি সেৱা আগবঢ়োৱা কৰ্মচাৰী চাকৰি বয়স ৬০ বছৰলৈ বৃদ্ধি।চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১৭ টকাকৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন।
উল্লেখ যোগ্য যে, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ কথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰে।
- Log in to post comments
- 54 views