মাজুলীত ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীক লৈ বিভাগীয় মুৰব্বী বিষয়াৰে উপায়ুক্তৰ বৈঠক

Majuli

'নিউজ এএছএন' প্ৰতিবেদক, মাজুলী

 

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশত এশ শতাংশ নিৰ্ভুল ভোটাৰ তালিকা প্ৰস্তত কৰাৰ লক্ষ্যৰে মাজুলী জিলাতো ১ চেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ 'ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী'ৰ সফল ৰূপায়ণ নিশ্চিত কৰিবলৈ বিশেষ উদ্যোগ লৈছে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে। যোৱা পহিলা চেপ্টেম্বৰৰ পৰাই মাজুলীৰ প্ৰত্যেক গাঁও পঞ্চায়ত কাৰ্যালয়তে জনসজাগতামূলক সভা অনুষ্ঠিত কৰি জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে ভোটাৰ তথা সৰ্বসাধাৰণ ৰাইজক ভোটাৰ তালিকাত নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ নাম আৰু বিৱৰণ পৰীক্ষা কৰি প্ৰয়োজন অনুসাৰে সংশোধনৰ সুযোগ গ্ৰহণৰ বাবে সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত সোমবাৰে জিলাখনৰ প্ৰতিটো বিভাগৰে মুৰব্বী বিষয়া, ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু মহাবিদ্যালয়ৰ অধ্যক্ষক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া দেৱপ্ৰসাদ মিশ্ৰই। উল্লেখ্য যে এইবাৰ নিৰ্বাচন আয়োগে মোবাইল ফোনৰ জৰিয়তে ভোটাৰসকলে ভোটাৰ তালিকাত নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ নাম, ঠিকনা, বয়স, আলোকচিত্ৰ তথা আন বিৱৰণ পৰীক্ষা কৰাৰ উপৰি এই বিৱৰণত থকা ভুল সংশোধনৰ বাবেও ভোটাৰসকলে নিজেই অনলাইন আবেদন দাখিল কৰিব পৰাকৈ এটা বিশেষ এ'পৰ ব্যৱস্থা কৰিছে। ভোটাৰসকলে নিজৰ এণ্ড্ৰইড মোবাইল ফোনত এনভিএছপি পোৰ্টেলৰ এ'পটো ডাউনলোড কৰি ভোটাৰ তালিকাত নাম-বিৱৰণ পৰীক্ষণৰ লগতে প্ৰয়োজনীয় শুধৰণিৰ বাবে ৮ নং প্ৰপত্ৰ পূৰাই এই এ'পতে আবেদন কৰিব পাৰিব। আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, অতিৰিক্ত উপায়ুক্তদ্বয় নৰেণ দাস, উৎপল দলে, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মায়ো অংশগ্ৰহণ কৰা বৈঠকখনত মাজুলীৰ নিৰ্বাচন বিষয়া মগেন নৰহে ভোটাৰৰ বাবে নিৰ্বাচন আয়োগে উপলব্ধ কৰা এই মোবাইল এ'পটোৰ বিষয়ে সকলোকে অৱগত কৰে।এই এ'পৰ উপৰি প্ৰতিখন গাঁও পঞ্চায়তত থকা সমূহীয়া সেৱা কেন্দ্ৰ, ভোটাৰ সহায়তা কেন্দ্ৰ আৰূ ভোটাৰ হেল্পলাইন নম্বৰ ১৯৫০ (দিব্যাংগসকলৰ বাবে)ৰ জৰিয়তেও ভোটাৰ ৰাইজে অহা ১৫ অক্টোবৰ পৰ্যন্ত নাম তথা বিৱৰণ পৰীক্ষা কৰি সংশোধনৰ আবেদন দাখিল কৰিব পাৰিব বুলি নিৰ্বাচন বিষয়াগৰাকীয়ে সদৰি কৰে। বৈঠকত উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া গৰাকীয়ে মাজুলী বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন যাতে সম্পূৰ্ণ নিৰ্ভুল কৰি তুলিব পৰা যায়, তাৰ বাবে জিলাখনৰ ভোটাৰ ৰাইজক অহা ১৫ অক্টোবৰৰ ভিতৰতে ভোটাৰ তালিকাত থকা নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ নাম তথা বিৱৰণ পৰীক্ষা কৰি ভুল সংশোধনৰ বাবে আবেদন জনোৱাৰ এই সুবিধা গ্ৰহণৰ বাবে সজাগ কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ সকলো বিভাগীয় মুৰব্বীৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলকো আহ্বান জনায়।তদুপৰি, মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো নিজ নিজ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ মোবাইলতে এনভিএছপি এ'প ডাউনলোড কৰি ভোটাৰ তালিকাত নিজৰ লগতে পৰিয়ালৰ সদস্যৰ নাম-বিৱৰণ পৰীক্ষা কৰাৰ লগতে এই ক্ষেত্ৰত থকা ভুল সংশোধনৰ বাবে অনলাইন আবেদন কৰাৰ সুবিধাৰ বিষয়ে অৱগত কৰিবলৈ তেওঁ অনুৰোধ জনায়। ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ বিষয়ে জিলাখনৰ দুৰ্গম ভোটকেন্দ্ৰ এলেকাসমূহতো বিশেষ সজাগতামূলক কাৰ্যসূচী গ্ৰহণৰ বাবে নিৰ্বাচন বিষয়াক বৈঠকত নিৰ্দেশ দিয়ে উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া মিশ্ৰই। ইফালে, এইবাৰৰ ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ জৰিয়তে ভোটাৰ তালিকাত থকা পৰিয়ালৰ মৃত ব্যক্তি বা ইতিমধ্যে স্থায়ীভাৱে স্থানান্তৰিত হোৱা সদস্যৰ নাম কৰ্তনৰ বাবেও পৰিয়ালৰ লোকে আবেদন জনাব পাৰিব। তদুপৰি, নিজ এলেকাৰ বৰ্তমানৰ ভোটকেন্দ্ৰৰ স্থান পৰিৱৰ্তনৰ বিষয়তো জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে নিৰ্বাচন আয়োগৰ ওচৰত মতামত দাখিলৰ বাবেও ভোটাৰক এই কাৰ্যসূচীৰ অধীনত সুযোগ আগবঢ়োৱা হৈছে।

Your Comments