নৰেন শৰ্মা,বাহাৰঘাট
নলবাৰী জিলাৰ বৰ্ষীয়ান সাংবাদিক,সাংবাদিক পেঞ্চনাৰ প্ৰাপক তথা বৰভাগ প্ৰেছ ক্লাবৰ উপদেষ্টা নাউদত্ত তালুকদাৰক সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰভাগ প্ৰেছ ক্লাবে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সোমবাৰে ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত বৰভাগ প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।বৰভাগ প্ৰেছ ক্লাবৰ সভাপতি ৰমেন তালুকদাৰৰ সভাপতিত্বত অনুস্থিত উক্ত সভাত সাধাৰণ সম্পাদক হিমজ্যোতি ভূঞাই সভাৰ উদ্যেশ্য ব্যাখ্যা কৰে।বিগত সময়ত প্ৰেছ ক্লাবে ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ বিষয়ে অৱগত কৰি ভবিষ্যতৰ দিনতো সমূহ কাৰ্যনিৰ্বাহকৰ সহযোগিতা ,পৰামৰ্শ কামনা কৰে। সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা,সাংবাদিক ক্ৰমে দণ্ডীৰাম দাস, আব্দুল কাদেৰ আহমেদ, অৰৱিন্দ চক্ৰৱৰ্তী, পংকজ কুমাৰ কলিতাই বক্তব্য আগবঢ়োৱাৰ লগতে মুঠ চাৰিটা প্ৰস্তাৱ গৃহীত কৰা হয়। বৰভাগ মহাবিদ্যালয় প্ৰাংগণত অহা ২৭ অক্টোবৰত বৰ্ষীয়ান সাংবাদিকগৰাকীক উক্ত সম্বৰ্ধনা প্ৰদান কৰা হ'ব।মন কৰিব লগা যে , বৰভাগৰ বৰগাছা গাঁৱৰ বাসিন্দা তালুকদাৰে জিলাখনৰ একমাত্ৰ সাংবাদিক পেঞ্চনাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
- Log in to post comments
- 6 views