'ঐ আপ্পুন গণেশ পেগু দৃৰবৃ অপে'ৰ উদ্যোগ:জেংৰাইমুখত বিয়াৰ ঢোল বাদন-বিয়ানাম-ঐনিঃতম-বাঁহীবাদনৰ কৰ্মশালাৰ শুভাৰম্ভ

Pic

'নিউজ এএছএন' প্ৰতিবেদক,মাজুলী

মিচিং লোক- সংস্কৃতিৰ বিয়াৰ ঢোলবাদন,বিয়ানাম,ঐনিঃতম,বাঁহীবাদন,থলুৱা গীত-মাত আদি সংৰক্ষণ কৰি ৰখাৰ উদ্দেশ্যেৰে সোমবাৰৰে পৰা জেংৰাইমুখত এখন কৰ্মশালাৰ আয়োজন কৰিছে জেংৰাইমুখৰ সাংস্কৃতিক অনুষ্ঠান ঐ আপ্পুন গনেশ পেগু দৃৰবৃ অপেই । কুমাৰবাৰী গাঁও উন্নয়ন সমিতিৰ সহযোগত প্ৰয়াত শিল্পী কমল দলেৰ সোঁৱৰণীত অনুষ্ঠিত বিয়া ঢোলবাদন,বিয়ানাম আৰু আইনা পেগুৰ সোঁৱৰণীত ঐ নিঃতম,বাঁহীবাদন আৰু থলুৱা গীতমাতৰ কৰ্মশালা অনুষ্ঠানৰ ঢোল বজাই শুভাৰম্ভ কৰে বিশিষ্ট শিল্পী সুৰেন দলেই ।কৰ্মশালাৰ মাংগলিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ কৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক কমল দলেই । কুমাৰবাৰী ৰংগমঞ্চত অনুষ্ঠিত  এই কৰ্মশালাৰ শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়।ঐ আপ্পুন গনেশ পেগু দৃৰবৃ অপেৰ সম্পাদক ৰবীন দলেই আদৰণি ভাষণ দিয়াৰ পিছত সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কুমাৰবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক জগনাথ দলেই । কুমাৰবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি ভোলোনাথ পেগুৱে সভাপতিত্ব কৰা সভাত চেৰপাই গাঁও পঞ্চায়তৰ সভাপতি বিজয় পেগু, সাংবাদিক ৰাজীৱ পাতিৰ, সদৌ অসম ঢুলীয়া সন্থাৰ সম্পাদক ৰঞ্জন কুম্বাং, ইভিয়ন পাব্লিক স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক জেতিৰাম দলে,স্বপ্না দলে,অজয় কুমাৰ পেগু আদিয়ে বক্তব্য প্ৰদান কৰাৰ লগতে শিক্ষক মেম্বৰ দলে,প্ৰদীপ দলে,নোমল পেগু,তুলসী দলে,শিল্পী মায়াৰানী দলে আদি উপস্থিত থাকে । এই অনুষ্ঠানত বিয়ানাম পৰিৱেশন কৰে বন্দনা দলেসহ কুমাৰবাৰী গাঁৱৰ মহিলাসকলে।অনুষ্ঠানত দেশ তথা জাতিৰ বাবে কাম কৰি যোৱা স্বনামধন্য বৰেণ্য বক্তিৰ পৱিত্ৰ স্মৰণত মৌন প্ৰাৰ্থনা কৰা হয়। উল্লেখ্য যে বৰেণ্য শিল্পী প্ৰয়াত ঐ আপ্পুন গনেশ পেগুৰ জন্মগাঁও কুমাৰবাৰী গাঁৱৰ এই দুই অনুষ্ঠানে মিচিং সমাজৰ পৰা ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা  লোক-কৃষ্টিসমূহ নৱপ্ৰজন্মৰ মাজত সংৰক্ষণৰে জীয়াই ৰখাৰ বাবেই এই আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

Your Comments