ৰাজপথত কৰ্তব্যৰত আৰক্ষীক এদল ছাত্ৰ-ছাত্ৰীয়ে গামোচা পিন্ধালে কিয় ?

ghy

নিউজ ডেস্ক :

গুৱাহাটী মহানগৰীৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে জন্ম দিয়া "অভন্যাছা" নামৰ এটা সামজিক সংগঠনে দেওবাৰে মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ পৰা মালিগাঁও লৈকে মুঠ ৩৫গৰাকী কৰ্তব্যৰত যান-বাহন আৰক্ষীক গামোচা পিন্ধাই সম্বৰ্ধনা জনায়। 

লগতে ছাত্ৰ-ছাত্ৰী সকলে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে মটৰ চাইকেল চলোৱা সময়ত হেলমেট পৰিধান কৰা আৰু যিকোনো গাড়ী চলোৱাৰ সময়ত যান-বাহন আইন মানি চলি সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ বাবে এখন বাটৰ নাটো প্রদর্শন কৰে।মহানগৰীৰ এবিচি, কটন বিশ্ববিদ্যালয় আৰু মালিগাঁও চাৰিআলিত ছাত্র ছাত্ৰী সকলে প্রদর্শন কৰে বাটৰ নাট।

একেদৰে দেওবাৰৰ দিনটোত যিসকল লোকক হেলমেট পৰিধান নকৰাৰ লগতে যান-বাহন আইন অমান্য কৰাৰ অপৰাধত আৰক্ষীয়ে জৰিমনা বিহাৰ বাবে যি সকলে আৰক্ষীৰ প্ৰতি ইতিকিং সূচক মন্তব্য কৰিছিল তেওঁলোকক ছাত্ৰ-ছাত্ৰী সকলে ৰাজপথত থিয় হৈ তেনে ধৰণৰ আচৰণ নকৰিবলৈ অনুৰোধো জনায়।লগতে হেলমেট পৰিধান কৰিলে যে নিজৰে সুৰক্ষা সেই কথায়ো অৱগত কৰে।

Your Comments