বঙাইগাঁৱৰ প্ৰতিবেদক
চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰীত ৩১ নং ( চি ) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত দুৰ্ঘটনাগ্ৰস্ত বলেৰ' পিক আপ ভানৰ চালক -হেণ্ডিমেনদ্বয় থিতাতে নিহত হয় । প্ৰাপ্ত তথ্য মতে দেওবাৰে পুৱতি নিশা ৫.২৯ বজাত কাজলগাঁৱৰ পৰা বৰপেটা অভিমুখে গৈ থকা এ এছ - ১৬ এ চি - ১১০৫ নম্বৰৰ বলেৰ' পিক আপ ভানখনে ব্যস্ততাপূৰ্ণ চাপাগুৰি চাৰিআলিস্থিত হিমালয় হোটেলৰ সন্মুখত ৩১ নং ( চি ) ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰ চি চি দলঙৰ ৰেলিঙত তীব্ৰবেগত খুন্দা মাৰে । গাড়ীখনৰ খুন্দা ইমান তীব্ৰতৰ আছিল যে গাড়ীখনৰ সন্মুখৰ ভাগ চেপেটা হৈ পৰে । ফলত বাহনখনত থকা চালক আৰু হেণ্ডিমেনে মুখমণ্ডল , মূৰ , বুকু আদি অংশত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চালক- হেণ্ডিমেনদ্বয়ক অচেতন অৱস্থাত উদ্ধাৰ কৰি কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে তেওঁলোকৰ মৃত্যু হোৱা বুলি চিকিৎসকে সদৰি কৰে । দুৰ্ঘটনাটোত এনেদৰে অকাল মৃত্যুক আকোৱালি লোৱা বলেৰ' পিক আপ ভানখনৰ চালকজন ধুবুৰী জিলাৰ গোলোকগঞ্জ থানাৰ অন্তৰ্গত কঠিয়াতলীৰ আবুল হুচেইন ( ৪৫ ) আৰু হেণ্ডিমেনজন কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত ধাউলীগুৰি নিবাসী মইনুল হক ( ৩৫ ) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ।
- Log in to post comments
- 9 views