দেওবাৰে নগাঁৱত সুধাকণ্ঠৰ জন্মদিনত শিশুৰ ছবি অঁকা আৰু গান গোৱা অনুষ্ঠান

child

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
 
প্ৰচলিত প্ৰতিযোগিতামূলক মনোবৃত্তি পৰিহাৰ কৰি সকলো শিশুকে সমানে আগুৱাই নি পুৰস্কাৰ বিতৰণেৰে উৎসাহিত কৰাৰ লক্ষ্যৰে নগাঁও শ্বহীদ ভৱনত অহা আঠ ছেপ্তেম্বৰত মুকলি মনেৰে ছবি অঁকা আৰু গান গোৱাৰ এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হ'ব। ভাৰতৰত্ন ডঃভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিন উপলক্ষে আয়োজিত এই অনুষ্ঠানত তেৰ বছৰৰ তলৰ শিশুসকলে দলেবলে অংশ গ্ৰহণ কৰিব বুলি আশা কৰিছে আয়োজক সমিতিৰ আহ্বায়কত্ৰয় ক্ৰমেঊ মোলান লস্কৰ, দুলাল বৰা আৰু নৃপেন শইকীয়াই। সেই দিনা দিনৰ এঘাৰ বজাত ছবি অঁকা আৰু বাৰ বজাত গান গোৱা অনুষ্ঠান অনুষ্ঠিত হ'ব।অহা ৮ ছেপ্তেম্বৰ,দেওবাৰে নগাঁৱৰ শ্বহীদ ভৱনত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ’বলগীয়া বিনামূলীয়া অংশগ্ৰহণৰ শিশুৰ এই পৱিত্ৰ অনুষ্ঠানটোত শিশুসকলৰ গান গোৱাৰ বাদ্যযন্ত্ৰী আৰু ছবি আঁকিবলৈ আৰ্ট পেপাৰ আয়োজকে যোগান ধৰিব। শিশুসকলে গাব বিচৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি মাত্ৰ গান আৰু ৰং বোলাবলৈ প্ৰয়োজনীয় সা-সৰঞ্জামখিনি আনিলেই হ’ব। শিশুসকলে গোৱা গীতসমূহৰ পৰ্যবেক্ষকৰূপে উপস্থিত থাকিব সঙ্গীতকাৰ নয়নজ্যোতি শইকীয়া। উক্ত অনুষ্ঠানত অসমৰ বহুকেইগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্যশিল্পী, লেখক-কবি-সাহিত্যিক আৰু সঙ্গীতশিল্পীয়ে উপস্থিত শিশুসকলৰ সৈতে অনানুষ্ঠানিকভাৱে মুকলি পৰিবেশত মত বিনিময় কৰি উৎসাহিত কৰিব। আনন্দৰ কথা যে সেইদিনা বৰ্তমান অসমত শিশুপ্ৰেমী গ্ৰন্থ ‌বান্ধৱ  হিচাপে পৰিচিত ‌গোলাঘাটৰ অৰিন্দম গগৈয়ে ৫০০ ৰো অধিক ডঃ ভূপেন হাজৰিকাৰ জীৱনী গ্ৰন্থ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ হাতত উপহাৰ হিচাপে‌ তুলি‌ দিব।তদুপৰি, সেইদিনা পাঁচশৰো অধিক শিশুয়ে ছবিত‌ ৰং সানিবলৈ প্ৰস্তুতি চলাইছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। শিশুক ভাল পোৱা সকলো আহিবলৈ আহ্বান জনাইছে আয়োজকসকলে।

Your Comments