বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
তদানীন্তন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে ডঃ ভূপেন হাজৰিকাৰ নামত মুকলি মঞ্চ আৰু উদ্যান সমগ্ৰ ৰাজ্যখনতে প্ৰতিটো উন্নয়ন খণ্ডৰ অধীনত নিৰ্মাণৰ সিদ্ধান্ত লৈছিল।প্ৰায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া আঁচনিখন সমগ্র অসমতে ২০১৪ চনৰ পাঁচ মাৰ্চত শিল্পীৰ দ্বাৰা আধাৰশিলা স্থাপন কৰা হৈছিল। সেই মৰ্মে নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘগ্ৰাপাৰ হাইস্কুল চৌহদত বিশিষ্ট নাগাৰা নামৰ শিল্পী কৈলাশ তালুকদাৰে নলবাৰীৰ তদানীন্তন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ডঃ ভূপেন হাজৰিকা মঞ্চ আৰু উদ্যানৰ আধাৰশিলা স্থাপন কৰিছিল। স্থানীয় বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ তৎপৰতাত যোৱা ২০১৫ চনৰ আঠ ছেপ্টেম্বৰত আধৰুৱাকৈ মুকলি কৰিবলৈ বিডিঅ'সহ অন্য কৰ্মচাৰী আহে যদিও ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,আৰু স্থানীয় ৰাইজে ওভতাই পঠিয়াই।সেই সময়ত তেওঁলোকে উক্ত মঞ্চ আৰু উদ্যানখনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত উদ্যানখনৰ কামটো দূৰৈৰ কথা ডঃ হাজৰিকাৰ মঞ্চৰ আধৰুৱা কাম আজিও সম্পূৰ্ণ নোহোৱাত ৰাইজ তথা বিভিন্ন দল -সংগঠনৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে ২০১৫ চনৰ আঠ মাৰ্চলৈ মঞ্চখনৰ বাবে আৱন্টিত হোৱা এম জি এনৰেগা আঁচনিৰ ধনৰ প্ৰায় ২ লাখ টকা মজুত আছিল যদিও কোনো কাম নকৰাকৈ এটা দুষ্ট চক্ৰই ব্লকটোৰ বিষয়া,গাণনিকৰে মিলি আত্মসাৎ কৰাই নহয়,এই মঞ্চখনৰ নামত দুই-তিনিবাৰলৈ আঁচনি ধৰি চৰকাৰী ধন এই দুষ্ট চক্ৰটোৱে আত্মসাৎ কৰে বুলি ৰাইজে সন্দেহৰ আঙুলি টোঁৱাইছে।ইফালে ঘগ্ৰাপাৰৰ ড:ভূপেন হাজৰিকা মঞ্চ আধাৰুৱা হৈ আজি ৫ বছৰে চৰকাৰীভাৱে মুকলি নোহোৱাকৈ থকাত একাংশ অনুষ্ঠানে সময়ে সময়ে আধাৰুৱা মঞ্চখনতে নিজৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে।সম্প্ৰতি মঞ্চখন আধৰুৱা অৱস্থাতে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ দিশে গতি কৰিছে বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে ।সেয়েহে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল -সংগঠনে নলবাৰী জিলাৰ উপায়ুক্ত আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক ঘগ্ৰাপাৰ হাইস্কুলৰ ডঃ ভূপেন হাজৰিকা মঞ্চৰ আধৰুৱা কামৰ উচিত তদন্তৰ দাবী জনাইছে।
- Log in to post comments
- 23 views