ডিমৌ শাখা কবি সন্মিলনৰ পথাৰৰ কবি ৰাম গগৈলৈ শ্ৰদ্ধা নিবেদন

poet

ডিমৌৰ পৰা অভিজিত গগৈৰ প্ৰতিবেদন

নগাঁওস্থিত শ্বহীদ ভৱনত  নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত শুকুৰবাৰে কেন্দ্ৰীয়ভাৱে সদৌ  অসম কবি সন্মিলনৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে ৰাজ্যৰ জিলা সমিতি আৰু শাখাসমূহতো এই দিৱস পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি ডিমৌ শাখা কবি সন্মিলনৰ সম্পাদকে শুকুৰবাৰে এক বিবৃতিযোগে কয়-'পথাৰৰ কবিখ্যাত প্ৰয়াত ৰাম গগৈ ডাঙৰীয়াৰ নেতৃত্বত ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰৰ দিনটোতে সদৌ অসম কবি সন্মিলনে প্ৰতিষ্ঠা লাভ কৰিছিল ।তেওঁৰ এই মহান  কৰ্মৰ বাবে আজি ৰাজ্যৰ চুকে-কোণে থকা নবীন-প্ৰবীন কবিসকলে একত্ৰিত হ'বলৈ সুবিধা লাভ কৰিলে । ইয়াৰ উপৰিও কবিতাৰ ক্ষেত্ৰখনত তেখেতৰ  যি অৱদান,সেয়া সদায়ে  অতুলনীয় হৈ ৰ'ব। তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে উপযুক্তভাৱে প্ৰচাৰ কৰিবলৈ কবি সন্মিলনসমূহে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে।গতিকে,আজিৰ এই পৱিত্ৰ দিনটোত ডিমৌ শাখা কবি সন্মিলনে সদৌ  অসম কবি সন্মিলনৰ  প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈ ডাঙৰীয়াক স্মৰণ কৰি শ্ৰদ্ধা নিবেদিছোঁ।'

Your Comments