মৰিগাঁৱৰ পৰা জিতুমণি নাথ
বহু প্ৰতীক্ষিত অসমীয়া কথাছবি জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা'ৰ শুভমুক্তিৰ দিনটোতে মৰিগাঁৱত অঘটন ঘটে।মৰিগাঁও নগৰৰ তৰুণ টকিজ ছবিগৃহত শুভমুক্তিৰ সময়ত চলি থকা অসমীয়া কথাছবিখনৰ মাজতেই টুলটুল বৰদলৈ নামৰ এজন যুৱকে অসমীয়া কথাছবিখনক নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে লাইভ কৰে।এই ঘটনা মৰিগাঁও জুবিন ফেইণ্ড ক্লাবৰ দৃষ্টিগোচৰ হয়।জুবিন ফেইণ্ড ক্লাৱৰ একাংশ সদস্যই যুৱকজনৰ সম্পৰ্কত অনুসন্ধান চলাই তেওঁক আটক কৰি মৰিগাঁও আৰক্ষীক গতাই দিয়ে।উল্লেখ্য যে অসমীয়া কথাছবিৰ দুৰ্যোগৰ সময়ত শিল্পী জুবিন গাৰ্গৰ আশাশুধীয়া প্ৰচেষ্টাত মুক্তি লাভ কৰা অসমীয়া কথাছবিখনৰ চ'ছিয়েল মিডিয়াত প্ৰচাৰ হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এই ক্ষেত্ৰত অসমীয়া কথাছবিখনৰ পৰিচালক জুবিন গাৰ্গে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'কাঞ্চনজংঘাৰ শুভমুক্তিৰ দিনাই ছ'চিয়েল মিডিয়াত লাইভৰ যি ঘটনা সংঘটিত হৈছে, ই অতিকৈ দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয়। কিয়নো অসমীয়া ছবিৰ দুৰ্যোগৰ মাজতেই বহু শ্ৰম আৰু কষ্টৰ ফলত কাঞ্চনজংঘাক ৰাইজৰ মাজলৈ আনিবলৈ সক্ষম হৈছো।ইয়াৰ পিছতো যদি এনে অবাঞ্চিত ঘটনা সংঘটিত হয়,নিশ্চিতভাৱে মনবোৰ ভাঙি পৰিব।'এই ক্ষেত্ৰত ৰাইজলৈ আহ্বান জনাই ছবিখনৰ পৰিচালক জুবিন গাৰ্গে কয় যে অসমীয়া কথাছবি তথা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্রত সকলোৰে দায়বদ্ধতা আছে। এনে কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ সকলোকে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাই।
- Log in to post comments
- 10 views