গুৱাহাটীৰ 'চায়নে' লাভ কৰিলে কিং কুইন, প্ৰিন্সেচ এণ্ড কিডচ ইণ্ডিয়া ইন্টাৰনেচনেল ফেশ্বন শ্ব'ৰ প্ৰথম ৰাণাৰ্চ আপ পদক

vv

শিৱসাগৰ:  

গুৱাহাটীৰ প্ৰাগজ্যোতি আই আই টি চেন্টাৰ মাছখোৱাত যোৱা ৩ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা কিং, কুইন, প্ৰিন্সেচ এণ্ড কিডচ ইন্টাৰনেচনেল ফেশ্বন শ্ব' প্ৰতিযোগিতাত গুৱাহাটীৰ চায়ন দেউৰীয়ে (জোনাক) প্ৰথম ৰাণাৰ্চ আপ লাভ কৰে। সংগীতাঞ্জলী নামৰ অনুষ্ঠানটোৱে আয়োজন কৰা এই প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ বহু প্ৰতিযোগীৰ ভিতৰত চায়নে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়।  

 চায়ন বৰ্তমান গুৱাহাটীৰ জিংগলবেলচ প্ৰিপেটৰী স্কুলৰ কে জিত পঢ়ি আছে। চায়নৰ বয়স মাথো পাঁচ বছৰ।

অসম আৰক্ষীৰ শীৰ্ষ  বিষয়া বলীন দেউৰী আৰু ৰুমী হাজৰিকাৰ পুত্ৰ চায়ন সৰুৰে পৰা  মডেলিংৰ প্ৰতি আকৃষ্ট আছিল। চায়নৰ পিতৃ বলীন দেউৰী বৰ্তমান শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী হিচাপে কৰ্মৰত। 

চায়নৰ এই সাফল্যত গুৱাহাটীবাসীৰ লগতে শিৱসাগৰবাসীও উৎফুল্লিত। লগতে চায়নৰ উজ্বল ভৱিষ্যত কামনা কৰিছে সকলেৱে।

Your Comments