অসম সাহিত্য সভাৰ উদ্যোগত 'ভাষা সংকল্প দিৱস' পালন

bhasa

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ

 

অসম সাহিত্য সভাৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সহযোগত গুৱাহাটী ক্লাবস্থিত বেজবৰুৱা চ’কত আজি ভাষা সংকল্প দিৱস পালন কৰা হয়।অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ১৮৮৮ খ্ৰীষ্টাব্দৰ ২৫ আগষ্টৰ দিনটোতে কলকাতালৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে যোৱা অসমীয়া ছাত্ৰসকলে অসমীয়া ভাষাক বংগীয় প্ৰভাৱৰ পৰা মুক্ত কৰি স্বতন্ত্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অংগীকাৰবদ্ধ হৈছিল।


'অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ উদ্যোগত চন্দ্ৰ কুমাৰ আগৰৱালাৰ  সম্পাদনাত ১৮৮৯ চনত 'জোনাকী' প্ৰকাশ পায় আৰু  জোনাকী যুগৰ পৰাই অসমীয়া ভাষাই এক নিৰ্দিষ্ট  পৰ্যায় পাবলৈ সক্ষম হয়'-এইদৰে ভাষা সংকল্প দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডঃ সঞ্জীৱ কুমাৰ শৰ্মাই। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ বৌদ্ধিক কোষৰ আহ্বায়ক ডঃ বলেন্দ্ৰ কুমাৰ দাসে আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মাতৃভাষা আৰু ৰাজ্যসভা প্ৰয়োগ সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ,কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দুৰ্গেশ্বৰ শৰ্মা,সহকাৰী সম্পাদক হৰেশ্বৰ ডেকা, হেমেন কলিতা,প্ৰণৱ শৰ্মা,কন্দৰ্প শৰ্মা,ৰন্টু ডেকাকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Your Comments