ভৱানীপুৰত গোপাল আতা সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা সত্ৰীয়া সাংস্কৃতিক বিদ্যালয় স্থাপন 

vabanipur

বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন : 

সত্ৰীয়া শিল্পকলাৰ চৰ্চা কমি অহাৰ সময়তেই ভৱানীপুৰৰ সত্ৰীয়া সাংস্কৃতিক দিশৰ লগত জড়িত গোপাল আতা সাহিত্য-সাংস্কৃতিক গোষ্ঠীয়ে লৈ আহিছে এক আশাৰ বতৰা। নতুন প্ৰজন্মক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলি নতুন দিশত আগবঢ়াই নিয়াৰ বাবেই বাবেই      "পদ্মপ্ৰিয়া কলাকেন্দ্ৰ " নামেৰে এখন সত্ৰীয়া বিদ্যালয় স্থাপন কৰে। আজি ৰাতিপুৱা ১০ বজাত বিশিষ্ট শিল্পী মাধৱ নাথ দেৱে বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে । উক্ত বিদ্যালয়খন গোপাল আতা সাহিত্য-সাংস্কৃতিক গোষ্ঠীৰ তত্ত্বাবধানত , সংগীত সত্ৰ প্ৰশিক্ষণ পৰিষদ গুৱাহাটীৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰম ভিত্তিত পাঠদান কৰা হ'ব বুলি সভাপতি শ্ৰীযুত অপূৰ্ব কলিতাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে ।

Your Comments

Related Articles