নিউজ ডেস্ক :
ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই প্ৰেৰণ কৰা চন্দ্ৰযান-২ য়ে সফলতাৰে প্ৰৱেশ কৰিছে চন্দ্ৰ কক্ষপথত। মংগলবাৰে পুৱাৰ ভাগতে ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-২য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰা বুলি জানিব দিছে।
উল্লেখ্য যে সোমবাৰে ভাৰতীয় মহাকাশ অনুসন্ধান সন্থাই প্ৰকাশ কৰা অনুসৰি "চন্দ্ৰযান-২ত থকা দুটা মটৰ সক্ৰিয় কৰাৰ বাবে যানখন চন্দ্ৰকক্ষ পথলৈ লৈ যোৱা হ'ব"।
লগতে তেওঁলোকে প্ৰকাশ কৰিছিল যে"চন্দ্ৰযানৰ যাত্ৰা কালত চন্দ্ৰকক্ষ পথত চন্দ্ৰযান স্থাপন কৰাটো এটা জটিল কাম।এই জটিল কামটো মংগলবাৰে অৰ্থাৎ আজি পুৱা ৮.৩০-৯.৩০বজাৰ ভিতৰত চন্দ্ৰযানক চন্দ্ৰকক্ষত পথত স্থাপন কৰা হ'ব"। অৱশ্যে জটিল মিছন হিচাপে পৰিগণিত হোৱা সেই ক্ষণতো চন্দ্ৰযান-২য়ে সফলভাৱে সমাপন কৰিছে।
- Log in to post comments
- 13 views