২৩আগষ্টৰ পৰা নগাঁৱত আন্তঃৰাষ্ট্ৰীয় চুটি ছবি-তথ্যচিত্ৰ মহোৎসৱ

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

বিগত বৰ্ষৰ  সফলতাৰ পাছত চলিত বৰ্ষত আৰম্ভ হ'ব নগাঁও আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ-২০১৯ ৷ নগাঁও চহৰৰ পৰা আত্মপ্ৰকাশ কৰা চিনে সংগঠন 'চিনেমালয়'ৰ উদ্যোগত আয়োজিত এই আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱ অহা ২৩ আগষ্টৰ পৰা তিনিদিনীয়াকৈ নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত প্ৰতিদিনাই পুৱা ৯ বজাৰ পৰা সন্ধ্যা ৯ বজালৈ অনুষ্ঠিত হ'ব ৷ পৃথিৱীৰ প্ৰায় ১৫ খন দেশৰ শতাধিক চুটি ছবি তথা তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইজন চিত্ৰ নিৰ্মাতা তথা চিনেমাৰ বিভিন্ন ক্ষেত্ৰৰ লগত বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে তেখেত সকলৰ পোনপটীয়াকৈ বাৰ্তালাপৰ সুযোগ লাভ কৰিব এই মহোৎসৱত ৷ চিনেমা উদ্যোগৰ লগত জড়িত হ'ব বিচৰাসকলৰ বাবে  আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়তে তথ্যচিত্ৰ নিৰ্মাণৰ বিভিন্ন দিশ সামৰি দুদিনীয়া এক কৰ্মশালাৰো আয়োজন কৰা হৈছে ৷ কৰ্মশালাত প্ৰশিক্ষকৰূপে উপস্থিত থাকিব পোলেণ্ডৰ প্ৰসিদ্ধ তথ্যচিত্ৰ নিৰ্মাতাদ্বয় টমাছ ষ্টেংকিউইকজ আৰু ঝফিয়া প্ৰেগ'স্কা ৷ ইয়াৰ বাবে ইতিমধ্যে আগতীয়া পঞ্জীয়ন চলি আছে, সৰ্বমুঠ প্ৰশিক্ষাৰ্থীৰ আসন মাত্ৰ ৫০ খন। কৰ্মশালাত যোগদানৰ বাবে অথবা নগাঁও আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ-২০১৯ বিষয়ক যিকোনো তথ্যৰ বাবে চিনেমালয়ৰ আনুষ্ঠানিক ৱেবচাইট www.cinemalay.com বা চিনেমালয়ৰ অফিচিয়েল ফেচবুক পেজত লগ ইন কৰাৰ লগতে ৯৪৩৫০০৬৫৬১ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ এই মহোৎসৱত অংশ লৈ নগাঁৱত সুৰুচিপূৰ্ণ সুস্থ চিনেমাৰ বাতাবৰণ সৃষ্টিৰ এই যাত্ৰাত সকলোকে সহযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে ।

Your Comments