জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
বিশিষ্ট নাট্যকাৰ,পৰিচালক, অভিনেতা,মঞ্চপ্ৰৱৰ উপাধীৰে সন্মানিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাওঁ নিৱাসী ভৱেন বৰাক অহা ১৬ আগষ্টত অসম চৰকাৰে প্ৰদান কৰিব শোণিত কোৱঁৰ গজেন বৰুৱা সোৱঁৰণী বটা ৷২০১৬ চনৰ পৰাই অসম চৰকাৰে প্ৰদান কৰি অহা এই বঁটা এইবেলি ভৱেন বৰাক প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ বিভিন্ন দল- সংগঠন।১৯৩২ চনত জন্ম লাভ কৰা ভৱেন বৰা এগৰাকী সুবক্তাৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আহিছিল ৷বাৰেচহৰীয়া ভাওনা,বাপুজী ভৱন নাট্য সমাজ,সঞ্জীৱনী নাট্য সমাজকে ধৰি একাধিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত ভৱেন বৰা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক।দুই শতাধিক নাটকত অভিনয় কৰা নাট্যকাৰ তথা পৰিচালক ভৱেন বৰাক জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত ১৬ আগষ্টত এই বঁটা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে।উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ দলে, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷
উল্লেখ্য যে উক্ত বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে মূখ্যমন্ত্ৰী সোণোৱালে চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰত কন্যকা গামোছা আৰু জাতীয় সাজপাৰ নামেৰে এটি তাতঁশালৰ উদ্যোগ মুকলি কৰাৰ লগতে চতিয়া সমষ্টিৰ নিবনুৱা যুৱক-যুৱতীসকলৰ দ্বাৰা গঠন কৰা দুহাজাৰ আত্মসহায়ক গোটৰ সদস্যৰে বৈঠকত মিলিত হ'ব ৷ তদুপৰি,চতিয়া সমষ্টিৰ উত্তৰ বৰভগীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত বড়িগাওঁস্থিত বৰপুখুৰী পাৰত ১৬ বিঘা মাটিৰ এটি পুখুৰী সহ ছাগলী, হাঁহ-কুকুৰা,নেমুগছ আৰু নাৰিকল গছৰে পৰিপূৰ্ণ বৰপুখুৰী কৃষি পামখন উদ্ধোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- Log in to post comments
- 50 views