বঙাইগাঁওঃ
বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত 'বি' ডিভিজন আন্তঃ ক্লাব ফুটবল প্ৰতিযোগিতাখন আজিৰে পৰা বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত আৰম্ভ হৈছে ৷ এই উপলক্ষে সন্থাৰ উপ সভাপতি মহেশ চৌধুৰীয়ে সন্থাৰ পতাকা উত্তোলন কৰাৰ বিপৰীতে ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ জয়ন্ত ৰায়ে প্ৰতিযোগিতাখন উদ্বোধন কৰে ৷ উদ্বোধনী খেলখন পোপৰাগাঁও যুৱক সংঘ আৰু ৰামধেনু ক্লাৱৰ মাজত অনুষ্ঠিত হয় ৷ খেলখনত পোপৰাগাঁও যুৱক সংঘই ৰামধেনু ক্লাবক ৩- ২ গলত পৰাজত কৰে ৷ কাইলৈ ভাকাৰিভিটা স্পৰ্টচ ক্লাব আৰু মাজগাঁও কৃষক সংঘৰ মাজত খেল অনুষ্ঠিত হ'ব ৷
- Log in to post comments
- 23 views