সোণাৰিত আলফা সদস্যৰ আত্মসমৰ্পন

sonari

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন : 

আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সোণাৰিত এজন আলফা(স্বা) সদস্যই আৰক্ষীৰ আগত আত্মসমৰ্পন কৰে। সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ১ নং হাওঁফাওঁ গাঁৱৰ সোনেশ্বৰ গগৈৰ পুত্র বিমান গগৈ ওৰফে জিৎ অসমক নিজ গৃহৰ সমীপৰ পৰা আজি  সোণাৰি আৰক্ষীয়ে আটক কৰে। আৰক্ষী সুত্ৰে জানিব পৰা মতে আজি  পুৱা প্ৰাক্তন সৈনিক টেপুৰাম গগৈৰ ঘৰত আলফা(স্বাধীন)ৰ সদস্য জনে ভাত খাবলৈ যোৱাৰ খবৰ লাভ কৰি গগৈৰ বাৰীৰ বাঁহনিত অৱস্থাত চৰাইদেউ আৰক্ষী ছোঁপ পাতি ৰৈ থাকে। আৰু আলফা সদস্যজন উপস্থিত হোৱাৰ পাছতেই তেওঁক ঘেৰি ধৰে,তেনে সময়তে সদস্যজনে বাধ্য হৈ আত্মসমৰ্পন কৰে।  এক বছৰ পূৰ্বে আলফাত যোগদান কৰা আলফা(স্বা)সদস্য জনৰ পৰা আৰক্ষীয়ে কোনোধৰণৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহলেও আলফা(স্বা) সদস্যজনক সম্প্ৰতি সোণাৰিৰ আৰক্ষী থানাত জিলাখনৰ শীৰ্ষ বিষয়া সকলে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Your Comments