জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা
চতিয়া সমষ্টিৰ এটি দহ বছৰীয়া ঘাটমাউৰা শিশুক শুকুৰবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী গৃহ আগবঢ়ালে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সৰুতেই পিতৃ-মাতৃক হেৰুৱাই ঘাটমাউৰা হৈ পৰা চাৰিদুৱাৰৰ ননকে বাকোলাৰ প্ৰৱন চাহু (১০) নামৰ শিশুটিৰ ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে তথা স্থায়ী বাসস্থান দিয়াৰ উদ্দেশ্যৰেই আগবাঢ়ি আহে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ পিতৃ ৰাজেন চাহু আৰু মাতৃ অনিমা চাহুৰ অকাল বিয়োগৰ পিচত মাটি-বাৰী, ঘৰ-দুৱাৰ এৰি থৈ সম্পৰ্কীয় এগৰাকী আইতাকৰ লগত বাস কৰা প্ৰৱনক আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এটি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদান কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে ৷ এক লাখ ষাঠী হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা আৱাসগৃহটোৰ নিৰ্মাণ কাৰ্য্য বিধায়কগৰাকীয়ে নিজেই তদাৰক কৰিব বুলি জানিবলৈ দিছে উপস্থিত সাংবাদিকসকলক ৷
চতিয়া সমষ্টিৰ ১৯ খন পঞ্চায়তত মুঠ ১০৩১টা প্ৰধানমন্ত্ৰীৰ আাৱাস যোজনাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ কাম সম্পন্ন হৈ যোৱা বুলি জানিবলৈ দিছে বিধায়ক পদ্ম হাজৰিকাই।সমষ্টিটোৰ ১৯টা পঞ্চায়তত নিৰ্মাণ হ'বলগা এই চৰকাৰী আৱাসগৃহৰ চোৱা-চিতা তথা তদাৰকৰ বাবে ইতিমধ্যে প্ৰতিটো পঞ্চায়তত একোখনকৈ তদাৰক কমিটী গঠন কৰি দিয়াৰ বিষয়েও জানিবলৈ দিছে বিধায়কগৰাকীয়ে ৷
যোৱা ৬ আগষ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী আৱাসগৃহসমূহৰ আধাৰশিলাৰ শুভাৰাম্ভণী হোৱাৰ পিচৰে পৰা প্ৰতিটো পঞ্চায়তত আৱাসগৃহসমূহৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈ থকা বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷প্ৰতিটো পঞ্চায়তত গঠন কৰি দিয়া তদাৰক কমিটীসমূহে যাতে সেৱাৰ মনোভাৱৰে,সততা আৰু নিষ্ঠাৰে তথা নিখুঁটভাৱে গৃহসমূহ নিৰ্মাণ কৰে,সেই ক্ষেত্ৰত তদাৰক কমিটীখনক সতৰ্ক হ'বলৈ আহ্বান জনোৱাৰ লগতে বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব বুলিও জানিবলৈ দিয়ে ৷
প্ৰথম পৰ্য্যায়ত সমষ্টিটোৰ ১০৩১গৰাকী দুখীয়া-দৰিদ্ৰ হিতাধিকাৰীক পঞ্চায়ত প্ৰতিনিধিসকলৰ সহযোগত তথা ৰাইজক লগত লৈ নিৰ্বাচন কৰি গৃহসমূহ বিতৰণ কৰাৰ লগতে অহা দুটা বৰ্ষত সমষ্টিটোৰ ৮০ শতাংশ দুখীয়া- দৰিদ্ৰ তথা প্ৰকৃত গৃহহীন লোকে চৰকাৰী পকী গৃহ লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই।
- Log in to post comments
- 15 views