ওদালগুৰিত আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

odalguri

ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন : 
৫ দফীয়া দাবীচনদ লৈ ওদালগুৰি জিলা আমছুৰ উদ্যোগত আজি ১০ বজাৰ পৰা ১২ বজালৈ এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ওদালগুৰি জিলা আমছুৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ  কাৰ্য্যসূচীৰ পৰা এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজক কৰি অহা হাৰাশাস্তি বন্ধ কৰা,ৰি-ভেৰিফিকেচন নামত সংখ্যালঘু ৰাইজৰ লগত কৰি অহা ষড়যন্ত্ৰ বন্ধ কৰা,
শুনানীৰ তাৰিখ আৰু স্থান উল্লেখ নকৰাকেই জাৰি কৰা জাননী সমূহ বাতিল কৰি শুনানিৰ অতি কমেও ১৫ দিন পূৰ্বে  জাননী প্ৰদান কৰা,৩০০/৪০০ কি:মি: দূৰত্বৰ শুনানী বন্ধ কৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ ১০/০৪/২০১৯ তাৰিখৰ নিৰ্দেশ অনুযায়ী নিকটৱৰ্তী অঞ্চলত শুনানী অনুষ্ঠিত কৰা,এন আৰ চিৰ শুনানীলৈ যোৱাৰ সময়ত পথ দূৰ্ঘটনাত নিহত সকলৰ নিকটাত্মীয়ক ১০ লাখ টকাকৈ আহত সকলৰ বিনামূলীয়া চিকিৎসাৰ লগতে ৫ লাখ টকাকৈ আৰ্থীক সাহায্য প্ৰদান কৰা আদি দাবী সমূহ উত্থাপন কৰি সংগঠনটোৱে এই স্মাৰকপত্ৰ প্ৰদান কৰে।

অৱস্থান ধৰ্মঘটত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ছফিকুল ইছলামে ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটত  উপস্থিত থাকি কয় যে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চি নীয়মাৱলীক সম্পূৰ্ণৰূপে অব্যজ্ঞা কৰি কাম কৰি আছে । তেওঁ লগতে কয় যে শুনানিৰ বাবে যিখিনি সময়ত জাননী দিব লাগে সেই সময় মতে জাননী নিদি এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু ৰাইজক এনে হাৰাশাস্তি হে কৰি আছে। ইয়াৰ ফলত যদি অসমত  কিবা বিশৃংখলাৰ সৃষ্টি হয় তেনেহলে ইয়াৰ বাবে এন আৰ চি কৰ্তৃপক্ষ দায়ী হ'ব বুলিও তেওঁ সকীয়াই দিয়ে।   

          

Your Comments