শনিবাৰৰ পৰা ডিমৌ নামঘৰৰ প্ৰতিষ্ঠা দিৱস-ভাগৱত পাঠ অনুষ্ঠান

ngaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌ নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ভাগৱত পাঠৰ অহা ১০আৰু ১১ আগষ্টত আয়োজন কৰা হৈছে । এই উপলক্ষে আয়োজিত কাৰ্যসূচী অনুসৰি ১০আগষ্টত পুৱা ঊষা কীৰ্তন,ধৰ্মধ্বজা উত্তোলন আৰু প্ৰসংগীয়া নামৰ অন্তত ভাগৱত স্থাপন কৰা হ'ব । সন্ধ্যা বন্তি প্ৰজ্বলনৰে
প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্ত পৰিব । ১১আগষ্টত পুৱা ভাগৱত পাঠৰ সামৰণিত শোভাযাত্ৰা আৰু গাঁৱৰ আইমাতৃ
সকলৰদ্বাৰা দিহানাম পৰিবেশন কৰা হ'ব । বিয়লি ধৰ্মধ্বজা অৱতৰণে
কাৰ্যসূচীৰ সামৰণি মৰা হ'ব বুলি উদোক্তাসকলৰ হৈ সভাপতি বিজয় বৰদলৈ আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰদলৈয়ে নিউজএএছএনক জনাইছে ।

Your Comments