নিউজ ডেস্ক :
চাৰি দশকৰো অধিক কাল কংগ্ৰেছ দলৰ সৈতে থাকি এসময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিক সন্মুখৰ পৰা নেতৃত্ব দিয়া জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই আজি বিজেপিত যোগদান কৰিলে। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলটোৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী পিয়ুছ গোৱেলৰ উপস্থিতিত আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে কলিতাই।
উল্লেখ্য যে যোৱা ৫আগষ্টত ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ সদস্যৰ পদ ত্যাগ কৰাৰ লগতে জ্যেষ্ঠ নেতাগৰাকীয়ে মোডী চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক)কৰ্তন কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰদক্ষেপক সমৰ্থন কৰিছিল।ইয়াৰ সমান্তৰালভাৱে তেওঁ কংগ্ৰেছ দলে বিষয়টোত বিৰোধিতা কৰা কাৰ্যকো কঠোৰ সমালোচনা কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।
কংগ্ৰেছ দলে ত্যাগ কৰি জ্যেষ্ঠ নেতা গৰাকীয়ে উল্লেখ কৰিছিল "কংগ্ৰেছত এতিয়া আদৰ্শৰ ভেটি নাইকিয়া হৈছে।সকলোবোৰ নেতাই এতিয়া কংগ্ৰেছক নেতৃত্ব দিব বিচাৰে"।
ইফাল জ্যেষ্ঠ নেতা গৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাটো অসম প্ৰদেশ কংগ্ৰেছৰ বাবে এক বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ এজন সদস্য হিচাপে থাকি তেওঁ তৰুণ গগৈ চৰকাৰৰ দিনত উদ্যোগ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।তাৰ পাছত গুৱাহাটীৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিও তেওঁ দলটোক আগুৱাই নিছিল।
উল্লেখ্য যে বিগত বর্ষত ৰাজ্যসভাৰ মজিয়াত মোডী চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেয়ো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
- Log in to post comments
- 11 views