বঙাইগাঁওঃ
ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আজি বঙাইগাঁৱতো সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু )ৰ বঙাইগাঁও জিলা সমিতিয়ে এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু ৰাইজক কৰি অহা হাৰাশাস্তি বন্ধ কৰাকে ধৰি পাঁচ দফীয়া দাবীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বঙাইগাঁও চহৰৰ পাগলাস্থানত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমছু কৰ্মীকলে হাতে হাতে প্লেকাৰ্ডলৈ বিভিন্ন শ্লোগানো দিয়ে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, বঙাইগাঁও জিলা সমিতিৰ সভাপতি হজৰত আলী,কাৰ্যকৰী সভাপতি আজগৰ আলী, সাধাৰণ সম্পাদক দেৰাজুদ্দিন আহমেদ আদি নেতা- কৰ্মীসকল উপস্থিত থকা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে লগতে এনআৰচিৰ শুনানীলৈ যোৱাৰ সময়ত পথ দুৰ্ঘটনাত নিহত হোৱাসকলৰ পৰিয়ালক ১০ লাখ টকাকৈ আৰু আহতসকলক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, ৩০০- ৪০০ কিলোমিটাৰ দূৰত্বত শুনানী অনুষ্ঠিত কৰা বন্ধ কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ ১০ এপ্ৰিলৰ নিৰ্দেশনা অনুযায়ী নিকটৱৰ্তী অঞ্চলত শুনানীৰ অনুষ্ঠিত কৰা, শুনানীৰ তাৰিখ আৰু স্থান উল্লেখ নকৰাকৈ জাৰি কৰা জাননীসমূহ তথা এদিন দুদিন সংষোগ দি জাৰি কৰা জাননীসমূহ বাতিল কৰি উচ্চতম ন্যায়ালয়ৰ অনুমোদিত এচপিঅ ৰ ৫ নং দফা অনুসৰি অতি কমেও ১৫ দিন পূৰ্বে জাননী প্ৰেৰণ কৰা আৰু উচ্চতম ন্যায়ালয়ে ২৩ জুলাইত পুনৰ শুনানীৰ কৰিব নালাগে বুলি দিয়া নিৰ্দেশনাত উলংঘা কৰি এনআৰচি প্ৰকাশৰ অন্তিম সময়ত পুনৰ শুনানীৰ নামত সংখ্যালঘু ৰাইজৰ লগত কৰি থকা ষড়যন্ত্ৰ বন্ধ কপাৰ দাবী উত্থাপন কৰে ৷ কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে উপৰোক্ত দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ গৃহ সচিবলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷
- Log in to post comments
- 4 views