বঙাইগাঁওঃ
বঙাইগাঁও চহৰৰ পাগলাস্থানত আজি বিয়লি প্ৰায় ৪ঃ ৪৫ বজাত ৰাজধানী এক্সপ্ৰেছ ৰে'লৰ খুন্দাত এজন বয়োজ্যেষ্ঠ লোকৰ মৃত্যু ঘটে ৷ জানিব পৰা মতে বয়োজ্যেষ্ঠ লোকজনে পাগলাস্থানৰ ৰে'লৱে অভাৰব্ৰীজৰ তলৰ ৰে'ল পথ অতিক্ৰম কৰিবলৈ ধৰাৰ সময়তে নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ পৰা গন্তব্যস্থান অভিমুখে যাত্ৰা কৰা উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে'লখন উক্ত স্থানত আহি পোৱাত ৰে'লখনৰ খুন্দাত লোকজনৰ মৃত্যু হয় ৷ মৃত লোকজনক পিছত বঙাইগাঁও চহৰৰ ভাকাৰিভিটা নিবাসী ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ভৰত শৰ্মা(৬৫) বুলি চিনাক্ত কৰা হয় ৷ পিছত ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
- Log in to post comments
- 71 views