সোণাৰিত সন্মিলিত খিলঞ্জীয়া পৰিষদৰ উদ্যোগত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস পালন

jd

সোণাৰিৰ পৰা ঘণ বৰাৰ প্রতিবেদন :

খিলঞ্জীয়া সুৰক্ষাৰ নামত আমি কিমান আৰু খিলঞ্জীয়া দিৱস উদযাপন কৰিম, কিমান আন্দোলন কৰিম।দিৱস পাতোতেই জাতি শেষ। জাতিক জীয়াই ৰাখিবলৈ হলে কৰ্মক্ষেত্ৰত নামিবই লাগিব।যেতিয়ালৈকে অৰ্থনৈতিকভাৱে জাতিটো সবল নহ'ব তেতিয়ালৈকে খিলঞ্জীয়াৰ সুৰক্ষা অসম্ভৱ। গতিকে সংগঠনসমূহে জাতিটোক সুৰক্ষিত কৰিবলৈ অৰ্থনৈতিক সংগ্ৰাম কৰাৰ প্ৰয়োজন আছে - এই মন্তব্য আলোচনা পন্থী আলফা নেতা জীতেন দত্তৰ।  চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আজি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে সংগ্ৰামী নেতাগৰাকীয়ে। উল্লেখ্য যে সন্মিলিত খিলঞ্জীয়া পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা সমিতিৰ সহযোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস অনুষ্ঠিত কৰা হয়।  খিলঞ্জীয়া দিৱসৰ এই কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ, শিক্ষাবিদ প্ৰিয়বৰ কোঁৱৰ, আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় নেতা মণিদ্বীপ মহনৰ লগতে সন্মিলিত খিলঞ্জীয়া পৰিষদ অসমৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Your Comments